কবিতা :: নভবা কথাবোৰ --- কবিৰঞ্জন দাস

কেতিয়াবা ভাব হয় মই কিয় জীয়াই আছোঁ

কিমানবাৰ মৰিছোঁ কিমানবাৰ জী উঠিছোঁ

নিজৰ বাবে জীয়াই থকাটো কিমান কষ্টকৰ

কোনে বুজি পাব

যি হ'ম বুলি ভাবিছিলোঁ

যি কৰিম বুলি ভাবিছিলোঁ

হৈ নুঠিল গৈ চোন

আগুৱাই যাওঁতে যাওঁতে

কিমানযে ভৰিৰ নখ চিঙিল

মোৰ ভাগত সদায় পিছল ৰাস্তাটোহে পৰিল

ধুৱলি কুৱলি দূৰৈৰ পাহাৰ

সদায়েই দেখিছোঁ

''য'তে ৰাতি ততে কাটি'' -

কথাষাৰ মৰ্মে মৰ্মে বুজিছোঁ

আৰু কি জানে - এই ভোকাতুৰ পেটতো সিয়ো মোক লগ নেৰে

এইটো নথকাহেতেন !

মানুহৰ জীৱনত আশা বোলে বহুত থাকে, হয় কথাটো

কিন্তু মোৰ আশা বোৰক এটা এটাকৈ কবৰ দিছোঁ

আপোন জনৰ আশা বোৰৰ মাজতেই

মই মোক বিচাৰি পাইছোঁ

আপোনালোকৰ এনে হয় নে !

জীৱনৰ খলা বমা বোৰ পাৰ হ'বলৈ সাহস আছে মোৰো

কিন্তু সময় বৰ কম হৈছে ।

আৰু কি জানেনে -

কোনো বিশেষ উদ্দেশ্য লৈ অহা নাছিলোঁ এই পৃথিৱীলৈ

কিন্তু এতিয়াহে বুজিছোঁ

চাৰিওফালে উদ্দেশ্যই উদ্দেশ্য !

(সকলো উদ্দেশ্য মোৰ নিজৰ নহয় )

পথাৰত হালত যাব নোৱাৰা

বুঢ়া গৰুটোৰ দৰেই মোৰ অৱস্থা !

কিমান টানিম আৰু এই বোজা

কিমান ?

এই দুৰ্বিসহ জীৱনৰ সমাপ্তি বিচাৰো

এটা স্হায়ী ঠিকনাৰ বৰ প্ৰয়োজন সঁচাকৈয়ে

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,092
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,489
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930