কবিতা :: নাৰীৰ মন --- জাহাঙ্গীৰ আলম

বুকুখন যেন দুৰু দুৰু কঁপে
কিবা কওঁ - নকওঁ কৈ থাকে
যেন হৃদয়ৰ অনুভূতিবোৰে
প্ৰতিটো পলে তাইক আমনি কৰে ।

কিবা কওঁ কওঁ কৈ থাকে
লাজুকীয়া মনেৰে মোৰ কাষলৈ আহে
কিবা এষাৰ কওঁ বুলি ওঁঠ দুটি লৰচৰ কৰে
একোয়ে নোকোৱাকৈ মোৰ ওচৰৰ পৰা ল’ৰ মাৰে ।

এইদৰে বহুদিন পাৰ হৈ গ’ল
তাইৰ মনৰ কথা মই বুজিবই নোৱাৰিলো
এতিয়া মই বিপাঙত পৰিছো
কিন্তু নাৰীৰ মন স্কেনিংতো কৰিব নোৱাৰো ।

মোইয়ো ভাৱো অতি নীৰৱে
তাইৰ হৃদয়ৰ আঁৰে আঁৰে
একোছা গোপন কথা লুকাই আছে
যি কথাবোৰ মোক খুলি ব্যাক্ত কৰিব বিছাৰে।

কিন্তু এয়া মোৰ ধাৰণাহে মাথোঁ
এজনী নাৰীৰ মন বুজাটো বৰ কঠিন
মইতো নহও এজন মনোবৈজ্ঞানী
কেনেকৈ জুখো তাইৰ মনৰ গোপন গতি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,187
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,603