কবিতা :: নিশব্দ গুঞ্জন --- ময়ূৰকৃষ্ণা ফুকন

মই নিজেই নুবুজাকৈ তোমাক কি বুজাম
বুজা নুবুজাৰ আৰতেই শেষ
অচিন অমাত প্ৰহেলিকা ।
মোক ঘূৰি যোৱাৰ কথা নকবা ,
মই নাজানো তেনে প্ৰশ্নৰ উত্তৰ
বেলিৰ বিপৰীত বাট ।

বতাহ নোহোৱাকৈ শেষ হোৱা দিনবোৰত
ছাঁহীন ৰ'দৰ দেহবোৰত ,পুৰণি জঠৰ এটা ৰোগ
অবতৰত বৰষূণ পালে জী যায়
তোমাৰ দৰে সিহঁতেও নোহোৱাবোৰত
দুখ জাপি হ’বলৈ একো বাকী নাৰাখে...

জীৱনৰ পলৰীয়া ঘ্ৰাণত লাহেকৈ
সেমেকিছে হৃদয় ...
আকাশ আহচোন নামি..
বিচাৰো তোৰ বুকুত এলানি গতিৰ বিন্দু

তুমি কি ভাবা নাজানো,
মই ভাবিব নোৱাৰো
ইমান নিৰৱে অভাৱৰ ৰুণ বাঢ়ে
ভবা, নভবাবোৰতে এনেকৈ
স্তব্ধ ভালপোৱা ...।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038