কবিতা :: নীলা প্ৰেমিক --- সমুজ্জ্বল ডেকা

আকাশলৈ যেতিয়াই চাওঁ
আকাশখন নীলা দেখা পাওঁ
আকাশত ৰামধেনু ওলায়
আকাশখন ডাৱৰে বুৰাই এন্ধাৰ উপচায়;
এইবোৰ প্ৰাকৃতিক দৃশ্যাৱলী
কিয় মোৰ দুচকুত নাই ?
মাথো নীলা নীলা নীলা........
মই ইমান ভালপাওঁ!
সকলোৱে কই ৰাতিৰ আকাশ ইমান মনোমোহা;
মই নাজানো দিনৰ আকাশ চাই
কিয় ইমান তৃপ্তি পাওঁ!
মোৰ আশা-ভাৱনাৰ সূৰুযটিও নীলাৰ মাজতে জিলিকা ৷
হয়তো নীলাই মোৰ জীৱনৰ আয়ুস ৰেখা!
মোৰ আইৰ চকুহাল নীলা!
মোৰ পিতাইৰ চকুহালো নীলা!
ভাই-ভনীৰো নীলা!
নীলাৰ প্ৰয়োভৰ মোৰ দুচকুত ইমান প্ৰখৰ
ধূসৰ আকাশো দেখো মাথো নীলা-নীলা ৷

প্ৰেয়সী!
তাই বুজি নাপায়
নে বুজি নোপোৱাৰ ভাও ধৰিছে নাজানো
সময়ৰ চলনাত তাই ক'ত কাৰ বাবে হেৰায়;
তাই বিচাৰি ফুৰিছে নীলা
কিন্তু নহয় মই বিচৰা সাগৰৰ নীলা
তাই নীলা চৰাই ভালপায়
কিন্তু সেয়া নহয় যিয়ে জীৱনৰ গীত শুনাই
তাই নীলা ফুল ভালপায়
কিন্তু সেয়া নহয় যাৰ আমোলমোল গোন্ধে
ভাগৰ কমাই মোৰ হিয়াখনি প্ৰেমেৰে পূৰায় ৷
তাইও নীলা ভালপায়
কিন্তু মই পোৱাবোৰ তাই ভালপাবলৈ শিকা নাই ৷
তুমি বিচাৰি চালে
তাইক হয়তো বিচাৰি পাবা
কাৰণ নীলিম আশাৰেইতো তাইও বুৰ যোৱা
কিন্তু তাইৰ নীলাৰ ভৰসা নাই ৷
স্বাৰ্থ সিদ্ধিৰ বাবদ
বিক্ৰিয়া অবিহনেই থাকে ৰং সলায়
মায়াবী তাই
তাইক কোনেও বুজি নাপায় ৷

নীলকণ্ঠ!
তাইৰ শূন্যতাত
যাৰ ছত্ৰছায়াঁত
জীৱন আজিও মোৰ ধন্য ৷
তেওঁহে বুজিব
মুক্তিৰ বাট বিচাৰি ফুৰোঁতে
কিয় মোৰ সপোনবোৰ নীলা
কিয় মোৰ বাস্তৱবোৰ নীলা
কিয় মোৰ উশাহ-নিশাহবোৰ নীলা
কিয় নীলা সকলো........!
বিজ্ঞানত ভালদৰে অধ্যয়ন কৰিছোঁ
ৰক্ত ৰঙা
মইতো দেখিছোঁ আৰু অনুভৱ কৰিছোঁ আজি
মোৰ নীলা ৰক্ত দেহৰ মাজেৰে বৈ যোৱা ৷
এয়া বেমাৰ নে জীৱনৰ অন্য কিবা
ভালপোৱা কিম্বা আজন্মৰ সাধনা!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,586
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328