কবিতা :: নৈ ঘাটৰ অপেক্ষা --- বিষ্ণু বড়া

পৰেনে মনত আঁহতগুৰি ঘাটলৈ
পুৱাৰ পৰা গধূলিলৈ
ব'ঠাৰ মাৰি মাৰি গোৱা হলঘৰ ককাই গীতৰ সুৰটিলৈ
অপেক্ষা কৰিছিল তেওঁৰ সৈতে
বহু নাৱৰীয়াই
ভাল এটি দিন অহালৈ.......

.
লগ হৈছিলো আমি সমনীয়াৰ স'তে
হাতত কিতাপ ফলি লৈ
সেই নৈ ঘাটতে
অপেক্ষা কৰিছিলো লগতে
ইপাৰৰ পৰা অহা নাওঁখনিলৈ.....

.
নৈ ঘাটৰ মুকলি পথাৰত
কুট-কুট কাবাদী চুৱা-চুই খেলিবলৈ
আমি অপেক্ষা কৰিছিলো একেলগে
দেওবাৰ দিনটো অহালে..........

.
এদিন তেওঁ সেই ঘাটে
পাৰ হৈ গ'লাগৈ
চাইছিলো নিৰলে তেওঁলৈ
বহু কথা থাকি গ'ল কবলৈ
সাবটি আছোঁ
প্ৰতিচ্ছবি এখন হৃদয়ত আঁকিলৈ

.
সেই নৈৰ ঘাট আজি হেৰাই গ'ল
নকৰে অপেক্ষা কোনেওঁ
এখন পকি দলং হ'ল
ডাঙৰ আঁহতজোপাও নৈ সোঁতত উটি গ'ল
মাথোঁ অতীত বোৰ স্মৃতি হৈ ৰ'ল......

.
এতিয়া মই নিসংগ ভাৱে
প্ৰতিটো পুৱা গধূলি
নৈ ঘাটতে অপেক্ষাত বহো
মাথোঁ তেওঁ অহাঁলৈ...।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,793
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,761
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,624