কবিতা :: নৱবৰ্ষৰ উপহাৰ --- মেহেনাজ সৰকাৰ

ডাষ্টবিনৰ আৱৰ্জনাৰ
কিমান মূল্য থাকে বাৰু ?
হয়তো শূন্যতকৈও কম
তাতো আহে নৱবৰ্ষৰ প্ৰীতি আৰু শুভেচ্ছাৰ
উপহাৰ দিয়াৰ প্ৰৱনতা
আনন্দ উৎসৱ মাদকতা

আৰ্থিকত চহকী নহ’লেও
ভাষাৰ ফুল তুলিব নাজানিলেও
প্ৰেমিক সম্ৰাট নহ’লেও
মইয়ো সাজু কৰিছো নৱবৰ্ষৰ উপহাৰ
নৱবৰ্ষৰ প্ৰতিটো দিনেই
তোমালৈ কঢ়িয়াই আনক
প্ৰাক প্ৰত্যুষ নিলিম আকাশৰ
এটি ৰক্তজোবা
আঁতৰি যাওঁক সমস্ত বিষাদ কালিমা
বহু দূৰত্বৰ প্ৰান্তত ৰৈ
সহৃদয়েৰে শুভ কামনা যাচিলোঁ

এয়া উপহাৰ হয় নে নহয়
বিচাৰ্য্য আপোনাসৱৰ

এখনি সঁচা অন্তৰৰ বাহিৰে
ডাষ্টবিনৰ আৱৰ্জনাৰ
আছেই বা কি …

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,736
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,496