কবিতা :: পিতা --- জাহাঙ্গীৰ আলম

সন্তানৰ সুখ শান্তিৰ বাবে
ভৱিষ্যতৰ মংগলৰ বাবে
নিজৰ আৰামৰ বিসৰ্জন দি
দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি
সন্তানৰ এটি মাত্ৰ সপোন পূৰণৰ বাবে
এক দীঘলীয়া যাত্ৰালৈ ওলাই পৰে ৷

পিতা হ'ল এটা পৰিয়ালৰ ছায়া
যি ছায়াৰ আঁৰত লুকাই থাকে
মৰম আৰু স্নেহৰ খাজনা
যি খাজনাৰ মৰম আৰু স্নেহ
সন্তানৰ বাবে কাহানিও শেষ নহয় ৷

ওৰে জীৱন মৰম আৰু ভালপোৱাৰে
পৰিয়ালটোক আলফুলে আৱৰি ৰাখে
ভোক পিয়াহৰ যন্ত্ৰণা নিজে সহি
নিজৰ যন্ত্ৰণাক যেন কোনেও বুজিব নোৱাৰে
অনবৰতে হাঁহিমুখে হাঁহি হাঁহি
সন্তানৰ সুখৰ বাবে জীয়াই থাকে ৷

পিতা সন্তানৰ পথ পৰিদৰ্শক
পিতা অবিহনে সন্তানৰ জীৱন
এক বঠাহীন নাৱৰ দৰে
যাৰ পিতা এই পৃথিৱীত নাই
তেওঁৰ দৰে দুৰ্ভগীয়া আৰু
এইখন পৃথিৱীত কোনেও নাই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,823
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,695
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,697
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,363
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,726