কবিতা :: পুনৰ ভাল পাও বুলি নকবা --- বিশ্বজিৎ নাথ

তোমাৰ শপত পুনৰ ভাল পাও বুলি নকবা
তোমাক সজাই ৰাখিবলৈ হৃদয় বাগিছাখনো চন পৰি আছে
সপোনবোৰ জিৰাব ক'ত
হেপাঁহৰ ঘৰটোও বানে উটোৱাই নিলে
আশাবোৰ তাতেই ৰাখিছিলো আলফুল কৈ
তেনেই কুমলীয়া হৈয়ে আছিল জানা
এতিয়া যে বিচাৰি হাবাথুৰি খাইছো
সেয়ে তোমাক অনুৰুধ কৰিছো
পুনৰ ভাল পাঁও বুলি নকবা

হাজাৰ চেষ্ঠা কৰিছো পাহৰিবলৈ তোমাক
তোমাৰ সৈতে কটোৱা নিবিৰ মুহূৰ্তবোৰক
কিন্তু পৰা নাই
মোক নিসংগ হৈ থাকিবলৈ দিয়া
বানপানীৰ পিছত খৰাং
খৰাংৰ পিছত বানপানী
বতৰ পৰিবৰ্তন হ’ল
এতিয়া আৰু জীপাল হৈ থকা নাই হৃদয় পথাৰ
তাত নুৰুবা আৰু সপোনৰ বীজ
এতিয়াও কলিজাৰ কেচাঁ তেজত তোমাৰেই নাম
কিন্তু তুমি নেচাবা জুমি
এতিয়া আৰু শুনাব নোৱাৰো নিলীম কুমাৰৰ প্ৰেমৰ কবিতা
অথবা শুনাব নোৱাৰো জুবিনৰ গান
এবুকু বিষাদকে সংগী কৰি কটাম জীৱন
Please পুনৰ ভাল পাও বুলি নকবা

প্ৰনৱ কুমাৰ বৰ্মনৰ কবিতা তোমাৰ প্ৰিয়
তেওঁৰ কবিতাও যে পাহৰিলো
কি কৰি ৰাখিম জীপাল কৰি কোৱা
তুমি জানো আনিব পাৰিবা ঘূৰাই
বানে লৈ যোৱা সপোনৰ ঘৰ
অথবা হেৰাই যোৱা আশাৰ কলি
মিছা প্ৰতিশ্ৰুতি নিদিবা
তোমাৰ মিছা গল্পবোৰে আমুৱাইছে মোক
তুমিবিহীন যন্ত্ৰনাত অভস্ত হব পাৰিছে মই
পুনৰ আশাৰ বীজ নিসিচিবা

ভগ্ন হিয়াৰ আৰ্তনাদ নুশুনিবা কেতিয়াও
সহ্য কৰিব নোৱাৰিবা
তোমাৰ চকুলোৰ বান্ধ সহিলে
আনকি সহ্য কৰিব নোৱাৰিম মইও
অনুগ্ৰহ কৰি পুনৰ ভাল পাঁও বুলি নকবা |

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,596
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,367
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,964
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,340