কবিতা :: পোক --- সমুজ্জ্বল ডেকা

পুহমহীয়া হাড় কপোৱা শীতত
কুৱঁলীময় আৱৰণ ফালি
যেতিয়া মই কেঁচা ৰাস্তাটোৰে আগবাঢ়ো
হঠাৎ মোক
মোৰ বুকুৰ একোণত বাহ লোৱা
পোকটোৱে বাধা দিয়ে
মাজে মাজে ই বখলিয়াই কামোৰে ৷

যেতিয়া মৰুভূমি সদৃশ বালিচৰৰ মাজেৰে খোজকাঢ়ি
মই গন্তব্যস্থান পাবলৈ জেদী হৈ পৰো
মই ধুমুহাত উৰি উৰি
স্বচ্ছ দেহ মলীন কৰা ধূলিলৈ ভ্ৰূক্ষেপ নকৰো
এই পোকটোৰ বাবেহে
মই ভাগৰুৱা পথিক হৈ অশান্তিত ভুগো ৷

যেতিয়া পৰীক্ষাৰ সময়ত
টোপনি পাহৰি নিজকে কিতাপৰ পোক সজাব খুজো
কিতাপ-বহীৰ পাতবোৰ লুটিয়াই লুটিয়াই
নিমগ্নতাৰে সফলতাৰ জখলা বগাব খুজো
মই কেৱল ইয়াৰ কবলত হাৰি
বিফলতাৰ চোতালত চিত-ভঙলা খাই বাগৰি পৰোঁ ৷

যেতিয়া মই প্ৰেমত পৰিছিলোঁ
তেতিয়াও ই কষ্ট দিবলৈ এৰা নাছিল
মই ভাবিছিলোঁ যেতিয়া
জীৱনটিক উপভোগ কৰিম
সোণাৰু ফুলীয়া পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়িত কৰিম
ই কৈছিল তোক তেনেহ'লে অকালতে মাৰিম ৷

চাল্লা ই কি বিষাক্ত পোক!
জীৱনটো কেৱল খুলি খুলিহে খায়
ইমান দিনৰপৰা ঘা লাগি লাগি
এতিয়া বুকুখন বৰকৈ বিষায় ৷
অৱস্হা নাই হৈছো বেমাৰী
খাবও নোৱাৰো শুবও নোৱাৰো
কি যে জীৱৰ বিলাই!
গৈছো মাথো দিনক দিনে শুকাই-ক্ষীণাই;
জীৱনৰ মহাঘাতক
হতাশা নামৰ পোকটোৱে
দেহৰ তেজ-পুঁজ শুহি শুহি খাই
বাগৰ সলাবলৈ ইয়াক লাগে
মৃত্যুয়ে উমলা এখনি আহল-বহল ঠাই ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,956
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,867
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,578
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,327
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,513
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,199