কবিতা :: প্ৰতিজন আত্মীয়কে সুধিব খুজিছো --- ৰিমকি ভাগৱতী

প্ৰতিজন আত্মীয়কে সুধিব খুজিছো

আৰু বা কিমান দিন বাকী

সামৰিবলৈ আমাৰ এই

জীৱনৰ নাট ???

প্ৰথমতে তুমিয়েই এৰি যাব নে মোক!

নে মই এৰিব লাগিব তোমাক,

কৱ জানো পাৰিবা তুমি ?

নে কৱ পাৰিম মই ???

তেন্তে, হে মোৰ আত্মীয় !

কিহৰ তাড়নাত তুমি

কৰিবলৈ খুজিছা

পোৱা আৰু নোপোৱাৰ,

দিয়া আৰু লোৱাৰ হিচাব,

কিয়েইবা দি যাব পাৰিম

মই তোমাক,

আৰু ময়েই বা তোমাৰ পৰা বিছাৰিম কি ???

বাসনাৰ মৰীচিকা খেদি ফুৰা

তোমাৰ এই প্ৰতিযোগিতাত

সহভাগী অথবা প্ৰতিদন্দ্বি হ’ৱ নোৱাৰোঁ মই সঁচা,

ক্ষমা কৰিবা মোক ।

তোমাৰ এই তীব্ৰ গতিয়ে

পাৰিব নিশ্চয় স্পৰ্শ কৰিবলৈ সম্পদ আৰু সফলতা ৰূপী

হিমালয়ৰ চূড়া ।

তোমাৰ এই যাত্ৰাত,

পথৰ দাঁতিত থিয় হৈ থকা

এজুপী গছৰ দৰেই মই ,

বসন্তই হওঁক অথবা খৰাং

পাৰিম ! পাৰিম মই

অকলে হলেও জীৱনৰ জয় গান,

গুণ গুণাই হাঁহি মূখে সহিব,

জীৱনৰ ধুমুহা

কাৰণ

*শিপাই মোৰ এতিয়াও
খামুচি আছে ধৰা*
হে মোৰ আত্মীয়

মই মাথো তোমালৈ

ৰ'লাগি চাই ৰম,

জানোছা,জীৱনৰ তপত ৰদত,

যদিহে ভাগৰে তোমাৰ আত্মা

মোৰ ছাঁতে এক্ষন্তেক জিৰাৱা ।

হয়তোবা, তুমি তোমাৰ সপোনৰ ৰথত উঠি আমাৰ আত্মীয়তাক

ধূলি কৰি উৰুৱাই

পলকতে এৰি যাবাগৈ মোক তোমাৰ আকাংক্ষাৰ পৃথিৱী বিচাৰি ।

মোৰ নাই এনে ইচ্ছা জীৱনমূল্যৰে আঁকিবলৈ

তোমাৰ পথত

বাধাৰ লক্ষ্মণৰেখা ।।।

হৃদয়ৰ তাগিদাক নেওচি

তোমাক বিদায় দিব পৰাকৈ

সাহসী মোৰ ভালপোৱা ,,,

মই জানো, তুমি আকৌ

এদিন এই বাটেদিয়েই ওভতি

আহিবা,

তোমাৰ কাষে কাষে নিশ্চয়

বৈ আহিব সমুদ্ৰ সদৃশ ধল, তুমিও দাঙিব নোৱাৰা অলেখ মনি-মুকুতাৰ,,,,,

তেতিয়ালৈ সময়ে হয়তো মোক

টানি আজুৰি লৈ যাবগৈ পাৰে বহু দূৰ,,,,,,

তোমাৰ সফলতাৰ গাঠা

অথবা, হাঁহি আৰু চকুলোৰ ক্ষতিয়াণ

শুনিবলৈ মই আৰু নাথাকিব পাৰো

তোমাৰ কাষত ।

মই নাথাকিলেও

জীৱন-নাটৰ

অন্তিম যাত্ৰাৰ দিনা

ক্ষন্তেক থমকি ,

সুধিলে তোমাৰেই আত্মাক,

পাবা উত্তৰ---

প্ৰেমৰ বাহিৰে আৰু কিহে

কঢ়িয়াই আনিব পাৰিব

সুখ আৰু পূৰ্ণতা জীৱনৰ কোৱা ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,279
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,571