কবিতা :: প্ৰেম , কবিতা আৰু মই --- মেহেনাজ সৰকাৰ

প্ৰেম আৰু কবিতাৰ সৈতে
মোৰ অভিন্ন সংসাৰ
নাজানো কেতিয়া সোমাই পৰিলো এই বন্ধনত
বোধহয় তোমাক দেখাৰ পিছৰ পৰাই

প্ৰেমৰ সোৱাদ সনা
শব্দৰ বুটা বছা
মোৰ কবিতাৰ পখিলাবোৰ
ৰ'দ হৈ উমলি থাকক
তোমাৰ প্ৰত্যেকটা সুন্দৰ ৰাতিপুৱাত

প্ৰেম
কাৰো অনুমতি নোলোৱাকৈ
নিজানত ফুল হৈ ফুলি থকা
ঈশ্বৰীক অনুভূতি

কবিতা
অনুভূতিবোৰ ছন্দৱদ্ধ ৰূপে গঢ়ি তোলা
কবি মনৰ
উৎকৃষ্ট শিল্প

মই
প্ৰেম আৰু কবিতাক
জনতাৰ পদুলিত তুলি ধৰা
যাযাবৰী প্ৰেমিক ॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728