কবিতা :: ফাইল --- অবিনাশ কলিতা

চেহেৰাত তোৰ
তেজ-মঙহৰ গঢ় নাথাকিল বুলি
কোনোবা কাৰখানাৰ কক্ষত
তোৰ জন্ম হ'ল বুলি
মাথোঁ ব্যাৱহাৰিক চাহিদাৰ মাপকাঠীৰে যে
তোৰ জীৱন জুখিব নোৱাৰি ।

বস্তুবাদৰ একপক্ষীয় বিচাৰ আৰু অনুদাৰ দৃষ্টিৰে
তোৰ বিচিত্র-বৈবিধ্যময় জীৱন চৰ্চা কৰিবলৈ
জান, মই বৰ কষ্ট পাওঁ, অন্তৰে হাহাকাৰ কৰে।

জীৱনত তোক প্ৰথম দেখাৰ কথা।ঠিক স্কুলত নাম লগাবলৈ অহা
বেণী গুঁঠা এজনী ছোৱালী যেন
তোৰ সেই আলফুলীয়া বেশ !
তোৰ বুকুৰ অভ্যন্তৰত মনৰ চকুৱে মোৰ
হয়তো সন্তৰ্পণে বিচাৰি ফুৰিছিল
ভৱিষ্যৎ সপোন-সম্ভাৱনাৰ আলেখ-লেখ।

সেইদিন ধৰি
তোৰে মোৰ এক অবিচ্ছিন্নেয় সম্বন্ধ
আচলতে আত্মীয়তাৰ সম্বন্ধত
জাত-পাত অথবা জন্ম ইতিহাসৰ প্ৰশ্ন গৌণ
তোৰ ধাৰক-বাহক কিম্বা ৰক্ষকসকলেও
বুজা উচিত গুণ-মহত্ব-গৰিমাৰে যে
তোৰ পৰিচয় পূৰ্ণ।

মই জানো, নিৰপেক্ষ সংৰক্ষণেই তোৰ ধৰ্ম
অব্যক্ত গুণ-আদৰ্শৰ কথাও তোৰ সৰ্বদিশে অভিব্যাপ্ত। সেইদেখি নি:কিন-চহকী,
চোৰ-সাধু সকলোৱে বুজে তোৰ মৰ্ম ।

তোৰ অজৈৱিক জীৱন পৰিক্ৰমাক লৈ
কোনোবাই অনুচিত উপহাস কৰিব খুজিলেও
তোৰ হৈ মই ৰিঙিয়াই ক'ব পাৰোঁ --
মাতৃ হৃদয়ৰ দৰে অপৰিমেয় তোৰ উদাৰতা
সাগৰ-সংকাশ তোৰ বুকুৰ গভীৰতা আৰু
বটবৃক্ষৰ দৰেই যে তোৰ অকল্পনীয় সহিষ্ণুতা।

তোৰ গতি কেতিয়াবা
শামুকীয়া বা স্থৱিৰো হ'ব পাৰে
তোৰ স্থিতি নিৰ্বিকাৰ হ'ব পাৰে চিৰকাল
সেয়াওনে কিবা তোৰ গুৰু অপৰাধ ?
ক্ৰীতদাসীৰূপে তই যে জীৱন যাপন কৰ,
মাত্ৰ প্ৰভুৰ দাস্যপ্ৰেমতে হৱ গদ্ গদ !
গতি- পৰিণতিলৈ ভ্ৰূক্ষেপ নকৰি
তই যে হেলাৰঙে উদং কৰি দিয় তোৰ বুকু --
লোকৰ খেয়াল-খুচিতে
তয়েতো দুৰ্নীতি-কেলেংকাৰীৰ
ন্যায়িক তদন্তৰ হ'কে সাক্ষ্য দিয় ।
তোৰ গৰ্ভত সত্য-অসত্য উভয়কে ধাৰণ কৰি
অসহায় হৈ যে কাৰোবাৰ নিশ্ছিদ্ৰ পৰীক্ষণ
অথবা অস্ত্ৰোপচাৰলৈ বাট চাই ৰৱ ।
চৰকাৰী অফিচ-কাছাৰীৰ চেৰাশালিত
তোৰ যি প্ৰসৱ বেদনা,
সেয়াও যে অনুভৱৰ অগোচৰ
তোৰ স্নেহ-আপডালতে লালিত-পালিত
জীৱন-জীৱিকাৰ ক'ত স্বপ্নই
কৰিছে জগত পোহৰ ।

আনে য'ত যেনেকৈ থয়, ত'তেই তোৰ থিতি ।
তথাপি প্ৰমাদবশত :
নানাজনে তোলৈহে মাৰে দোষৰ ফৰমুটি ।
আৰু ভাল নালাগে ইটো-সিটো অজুহাত
অথবা গাফিলতি ।

চামনি পৰা ধূলি-মাকতিৰ বাবেও
বহুজনৰ মানত তই অস্পৃশ্য
সিহঁতৰ চুপতি
হামি -এঙামুৰিও তোৰ যে কি অসহ্য !

ফাইল, তোৰ অগা-পিচা কিম্বা হৰলুকিৰ বাবে
বিয়াগোম বিষয়াৰ অথন্তৰ ঘটিলে ,
হুলস্থূল হ'লে, তোক লৈ কাৰোবাৰ মূৰ কামোৰণি হ'লে তোৰনো কি আহে যায় ?
তথাপি মানুহৰ মুখে মুখে
তোৰ সেই একেই পুৰণি বদনাম
ট্ৰেন্সফাৰ ,প্ৰমোচন বা পেন্সনৰ বেলিকা
উৎকোচলোভী বিষয়াৰ হাতৰ স্পৰ্শত
তই হেনো অসতী গাভৰু হৈ লচপচ কৰ
আকৌ সত্যসন্ধানী জননেতাই তোলৈ
আঙুলি টোঁৱালেই বতাহত আহঁতৰ পাত কঁপাদি কঁপিবলৈ ধৰ ।
নিজা সুখ -দুখ বাসনা বুলিবলৈ তোৰতো একোৱেই নাই ! ঠিক ঘনচিৰিকাৰ দৰে
পৰৰ সুখ-দুখ, মংগল-অমংগলৰ
ভু ৰাখিবলৈ যে তোৰ এই নিৰ্লিপ্ত,
ব্যতিক্ৰম জীৱন !
মানুহে কিয় যে ভাবি নাচায় এবাৰ
অজস্ৰ বেকাৰৰ সপোনৰ
পিচে পিচে
তই যে ঢাপলি মেল
মৰণাপন্ন ৰোগীৰ জীৱন ঘূৰাই আনো বুলিয়েইতো কত যে মেডিকেল ৰিপ'ৰ্ট,
প্ৰেছক্ৰিপচন যতনাই থৱ !
এনেকি বহু অপ্ৰসিদ্ধ কবিৰ আধা লেখা কবিতা নতুবা কাৰোবাৰ ব্যৰ্থ প্ৰেমৰ
বেদনাসিক্ত চিঠিৰ টুকুৰাকো বুকুৰ উম দি
কতজনকে যে তই উদ্দীপনা যোগাৱ !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930