কবিতা :: বাৰীঁৰ আত্মকথা --- ছানকুমাৰ কলিতা

বানে উটুৱাই নিয়া ঘৰখন
ঘৰ হৈ থকা নাই অ' পিতাই!
ফেনে ফুটুকাৰে বাঢ়ি অহা বৰলুইতে
জীয়াই থকাৰ ভৰসা পোণাকণকো উটুৱাই লৈ গ'ল অচিন দেশলৈ..

কপালৰ জোনটো
নোহোৱা দিনৰে পৰা
পেটত গামোচা মাৰি
কোনোমতে জীয়া কংকাল এটিৰ ৰূপ লৈছো ।
আগ চোতালত যোৰা ভঙা বিৰহিণী শালিকাজনীৰ সদৃস
নিসংগতাৰ উচুপনিত হৃদয়ত সান্ধ্য আইনৰ দপদপনি ।

জীৱন নৈৰ সিপাৰে
এখন সমাজ আছে,
বাওঁধানে হাত বাউল দি মাতে
কিন্তু চম্পাৱতী হোৱাৰ হাবিয়াস মোৰ নাই অ' পিতাই!
কালৰাত্ৰিৰ নষ্ট অভিষাৰত নাগাওঁ মই
“আই মোৰ দুভৰি কুটেকুটায়” !
সোণৰ পালেঙৰ আব্দাৰত গাভৰু পোছাকযোৰ
মলিয়ন কৰাৰ মানসো মোৰ নাই,
বিবস্ত্ৰ যাজ্ঞসেনীৰ মৰণকাতৰ ক্ৰন্দনত সুদৰ্শনধাৰীয়ে গগণ খহাইছিল,
কিন্ত এই বৈধব্য তাড়না নিঃশ্চুপ কিয় পিতাই!

চাৰিও পিনেই চোন অন্ধকাৰ
এলান্ধুৱে বাট ভেটা কণ্টকময় পথ,
আৰুটো আছেই
উৰুঙা বতাহজাক
পিচকে নেৰে মোৰ ।
শুভ্ৰ-নিভাঁজ সাঁজযোৰ
কিমান আৰু মেৰিয়াম দেহত ?

সমস্ত হেঁপাহবোৰ মোহাৰি,
বেদনাৰ তীব্ৰ আক্ৰোশতাক সাক্ষী কৰি,
ভাবিছো..!
বৰলুইতৰ বুকুৰ শালীনতাত
নিজকে সপি দিওঁ…।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,938