কবিতা :: বিফল জীৱন --- সুজিত কুমাৰ নাথ

সপোনবোৰ যেতিয়া ধ্বংসস্তূপত পৰিণত হয়,

আশাবোৰ যেতিয়া নিৰাশা হৈ ৰয়,

তেতিয়া মাথোঁ বাকী ৰয় জীৱনৰ অমানিশাবোৰ ।

নৈপৰীয়া মথাউৰিটোত বহি সুধিলো

সৌ বিশাল আকাশ খনক,

মই জানো জীৱনত সফল হ’ব পাৰিম ?

পাৰিম জানো অমানিশাৰ আন্ধাৰ নাশিবলৈ ?

আকাশে উত্তৰ দিলে

বিফলতাৰ পৰাইতো সফলতা লাভ কৰে

বিফল ন’হলে সফল হোৱাৰ জানো অৰ্থ আছে ?

এতিয়া ময়ো সেই আশাকে লৈ জীয়াই আছো,

জীৱন নদীত এজন ব’ঠাহীন নাৱিক মই ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,617
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,720
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,791
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,208