কবিতা :: বিলাসী বান্দৰ --- মেহেনাজ সৰকাৰ

তেওঁলোকক নেদেখুৱাব
মানৱতাৰ মধুময় দলং
কাৰণ মানৱতা কি
তেওঁলোকে নাজানে
জানিলেও প্ৰতিফলন নকৰে ।
মুঠি মুঠি কৈ
মিঠা মিঠা ফুলজাৰিৰ ভাষন বিলাই
সিহঁতে দেখুৱায়
আমি বিশ্বৰ শ্ৰেষ্ঠ মানৱ
অথচ
নিষ্পাপ , নিষ্কলংক দৰিদ্ৰ জনতাৰ
সিহঁতেই ৰক্ত খোৱা দানৱ ।
সিহঁতে খাইছে , পিন্ধিছে
আৰু গঢ়িছে ধনৰ হিমালয়
য’ৰ পৰা এটি এটি বিন্দু কাটিলেও
আমাৰ দৰে নিঃসহায়
হেজাৰ দৰিদ্ৰৰ ঘৰতো ফুলিব
ক’তনো প্ৰভাতী ফুল ।
আমি নিঃস্ব দৰিদ্ৰ
ডাষ্টবিনৰ সমতুল্য
তথাপি আমি মানৱ
আমাৰ আছে মানৱতা
যিটো নাই
সেই আঢ্যৱন্ত চেহেৰাৰ
বিলাসী বান্দৰৰ ॥

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,317
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:125
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,374
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:147
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,670