কবিতা :: বিশ্বাসে সিচেঁ ৰং জীৱনৰ --- ৰিমকি ভাগৱতী

বিশ্বাসে পলসুৱা

যদিহে কৰিব নোৱাৰে

মাটি জীৱনৰ ........

কেনেকৈনো গজি উঠিব পাৰে

এক সোণোৱালী বান্ধোন প্ৰেমৰ ।।

আস্থা ও ভৰসাই

যদিহে কাঢ়িব নোৱাৰে খোজ,

হাতে -হাত ধৰি স্নেহৰ ......

হঠাতে আহি ভাগৰে

মেৰিয়াই নধৰিবহিনে

সপোন খেদি ফুৰা পাখি দুখনক।।

আত্মীয়তাক যদিহে

বান্ধিব নোৱাৰো আতি আতি ,

পৃথিৱীৰ সমস্ত সম্পদেও

গঢ়ি দিব নোৱাৰে

সৰগলৈ যোৱাৰ বাট।।

ভাওৱৰীয়া সাজি

দক্ষতাৰে হাঁহি বা কান্দি ,

জিকিব পাৰি মানুহৰ মন,

কিন্তু হৃদয় জিকিব হ'লে

নালাগে স্বৰ্ণৰ আভূষণ,

সত্যৰ প্ৰলেপেহে ভালপোৱাক

কৰি তোলে জুইয়ে পোৰা সোণ।।

বিশ্বাসেই জন্ম দিয়ে ঈশ্বৰক

শিলৰ মাজত,

নহলে মানুহৰনো ইমান শকতি ক'ত,

মৃত্যুৰ যন্ত্ৰণা নেওচি ,

কৰিবলৈ অমৃতৰ সন্ধান ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,679
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,707
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,788
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,997