কবিতা :: বেশ্যাৰ উচুপনি --- বিষ্ণু বড়া

এতিয়া
দীঘলীয়াকৈ সেওঁতাত আঁকি ল’বলৈ
আৰু আশা নাই
আবেলিৰ সূৰ্য্যৰ
সেন্দুৰীয়া ৰেখা....
.
..
য’তনেৰে সাঁচি ৰাখিছিলো
মোৰ যৌৱন
মোৰ আশা......
হেঁপাহেৰে আঁকিছিলো
গোপন কোঠাৰ চাৰি বেৰত
স্বপ্নময় ছবি ......
.
..
আয়ে কৈছিল
দীঘলকৈ ওৰণি ল’বি
সেওঁতাৰ সেন্দুৰীয়া আলিটো ঢাকি
আইৰ কোৱা মতেই ভাৱিছিলো
আন এগৰাকী নাৰীৰ দৰেই
প্ৰাণভৰি হাঁহিছিলো
প্ৰেম - ভালপোৱা , বন্ধু আৰু বহু সমন্ধৰ
নিমিলা জীৱনৰ অংক বোৰ
মইও বহু যোগ বিয়োগ কৰিছিলো.......
.
..
সিহঁতে সেইয়া হ’ব নিদিলে
সিহঁতে বিচৰাৰ দৰেই
এদিন মই এটি প্ৰকাণ্ড শূণ্যৰ মাজত
আৱদ্ধ হৈ পৰিলো......
.
..
ন কৈ জোনাকে খেলা চোতালত
আকৌ মৰ আঁউসীয়ে আৱৰিল
আইৰ কপাল উকা কৰা পিশাচ কেইটাই
মোৰ জীৱনটো উকা কৰিল
.
..
পিশাচ কেইটাৰ হাতৰ পুতলা সাজি
আই জনী গ'লগৈ
পিতাই থকা সিপাৰৰ দেশলৈ........
.
..
এতিয়া
মই
মই জনীওঁ হৈ থকা নাই
মই মোৰ মাজতো নাই
এতিয়া সিহঁতৰ
এটি জীৱহীন কাঠৰ পুতলা.....

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,196
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,793
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,594
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,000
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,743
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536