কবিতা :: বেশ্যা --- সমুজ্জ্বল ডেকা

তোৰ উঁকা কপালত

ৰঙা সেন্দুৰৰ ফোঁটটি কিমান জ্বলে ?

নে মুঠেই নজ্বলে

যদি জ্বলে

ই কিয় ঢিমিক-ঢামাক্ জ্বলে ?

তোৰো এখন বহল হৃদয় আছে

তোৰ মনেও পবিত্ৰতাৰে আকাশ চুব খুজে

কিয় নুবুজে ?

তই অসহায় হ'লে সহায় কৰে

প্ৰতিদান বিচাৰি কিমানেই তোক হাৰাশাস্তি কৰে !

ধৰ্ষণ নতুবা অবৈধ আলিংগন

নাথাকে য'ত ভালপোৱাৰ থ'ল

সুগন্ধিত দেহটি কিমানেই কৰে দাম-দৰ

ইমানকৈ শোষণ কৰাৰ পিছতো

সিহঁতৰ মুঠেই নকমে যৌনতাৰ ভোক-জ্বৰ ৷

কিয় ?

তোকহে নষ্ট কলংকিনী বুলি

সমাজখনে কেৱল উপহাস কৰে

কিন্তু তোক নষ্ট কৰাসকলে

কি চলনাৰে নিজৰ কলংকৰ দাগ ঢাকে;

তোৰ পাপ

তোতকৈ হেজাৰ গুণ বেছি পাপ

বৈ থাকে তেজ হৈ সিহঁতৰ গাত......!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731