কবিতা :: বৰষুণ ভালপোৱা ছোৱালীজনী --- সাগৰ সঞ্জীৱ

বৰ্ষামূখৰ এটি সন্ধিয়া
বসন্তৰ প্ৰথমটো দিন
দিঘলীপুখুৰীৰ পাৰত অকলশৰে
বিন্দাছ ধোৱা উৰুৱাইছো
বৰষুণ ভালপোৱা ছোৱালীজনীৰ অপেক্ষাত ।
আৰু মোৰ প্ৰেয়সী
কল্পনাৰ আঁৰৰ সিপাৰত ।।

ক্ৰিং, ক্ৰিং, ক্ৰিং
নিসংগতাই গ্ৰাস কৰা সন্ধিয়াটিত
বৰ উৎসুকতাৰে তোমালৈ এটি ফোন ;
চাৰিওফালৰ অন্ধকাৰ, বুকুৰ ধপধপনিয়ে
হেচাঁ মাৰি ধৰিছে একো নুশুনাকৈ,
এনেতে আই.ভি.আৰ. ত নাৰীৰ কন্ঠস্বৰ - ব্যস্ত!
আস! বুকুত অকণ বিষ অনুভৱ
ব্যস্ততা ! তোমাৰ নে মোৰ ?

মোৰ স্বপ্ন বিলাসী দুচকুত ভাহি উঠিছে
আমাৰ ভালপোৱাৰ এটি স্নেপ!
অবুজন মনক বান্ধোনো কেনেকৈ?
শব্দবোৰেও উগুল থুগুল লগাইছে মেছেজ বক্সত
স্ক্ৰীণত ভাহি উঠিল "Delivered to Rxxxx."
উৎকণ্ঠা আকৌ বাঢ়িৱ ধৰিল,
পঢ়িছেনে তোমাৰ নীলা দুচকুৱে
নিসংগতাৰ বেদনাদায়ক অনুভৱবোৰ
কবিতাৰ শব্দবোৰে বুজাৱলৈ সক্ষম নে?
তোমালৈ থকা ভালপোৱাৰ সেউজীয়াবোৰ!

তোমাৰ বাবে সুন্দৰ সময়বোৰ নষ্ট কৰিছো,
কবিতাবোৰ লিখিছো,
দেৱদাসৰ দৰে মাতাল হৈছো....
উফ ! তোমাৰ প্ৰেমত আৰু ক'ত যে কি ?
ব্যস্ততাই গ্ৰাস কৰা পৃথিৱীখনত
আছেনে সময় ? মোৰ বাবে অকণমান ।
কি যে পাগল মোৰ মন !
হাহিঁছা নেকি তুমি ?
তোমাৰ মিছিকিয়া হাহিঁটি কৰুণ সুৰ হৈ
ভাহিঁ আহে মোৰ পৃথিৱীখনলৈ ।
সময় পালে এবাৰ বৰষুণজাকত তিতিবা
দুহাঁত মেলি অনুভৱ কৰিবা
হয়তো বুজিবা!
টোপালবোৰ আছলতে মোৰেই চকুলো ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,279
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,187
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687