কবিতা :: ভালপাওঁ নদী আৰু নাৰী --- ছানকুমাৰ কলিতা

নদী ভালপাওঁ আগৰপৰাই
কাৰণ নদীয়ে হৃদয়ৰ ভাষা বুজে,
নদীয়ে কথা কয়
নদীয়ে কৃষ্ণচূড়াৰ নিচাত মাতাল হ'ব জানে
নদীয়ে চটফটাই বিৰহ সাগৰ সংগমৰ ব্যাকুলতাত ।
নদীয়ে কেতিয়াবা হীৰুদাৰ প্ৰেমত পৰে----
“তুমিটো জানাই এই কবিৰ আৰু একোৱেই নাই,
এটায়েই মাথোঁ কামিজ তাৰো ছিঙো-ছিঙো ছিলাই,
প্ৰেম চাগে এনেকুৱাই আৱৰণ খুলি হিয়া জুৰাই" ।

মানুহক আগুৱাই যাবলৈ বাট লাগে
সৰাপাতৰ নিৰৱতাই হওঁক বা উত্ৰাৱল মধুচন্দৃকা--
সেইবাবেই ভালপাওঁ নাৰী!
নাৰীৰ আওঁপকীয়া মেঘালী চুলী সুঘ্ৰানতাত যুগ বন্দী,
হেলেনৰ ৰূপতেই “গ্ৰীক-টাৰ্জান” বিভীষিকা,
তিলোত্তমাৰ অক্ষিপাতত মোহান্ধিত সুন্দ-উপসুন্দ।
শকুন্তলাৰৰ সোনৰ চেকুঁৰত দুষ্মন্ত আজিও বলিয়া,
নাই মাথোঁ মূমুৰ্ষতাময় চঞ্চলতা ।
নাৰীৰ বুকুত এপাহঁ ফুল ফুলে,আলফুলে--
অনুভৱত ফুলিলেও স্পৰ্শিব নোৱাৰী পাহিঁ,
পৰাগঠলীৰ মাধুৰ্যতাত চকুৰ জলপৃষ্ঠৰ উচ্চতা
বাঢ়ি বাঢ়ি বুৰাই পেলায় হৃদয়ৰ গোপন কুঠৰী ।
বেদনাৰ তীব্ৰ আক্ৰোশতাত
চকুলোবোৰ কেতিয়াবা গোট মাৰি বৰফ হয়
কেতিয়াবা বিধ্বংসী বান,
তৰপে তৰপে দুখবোৰ জমা হৈ হৃদয়খন কেতিয়াবা কয়লাৰ খনিৰ ৰূপ লয়,
যাৰ দহনত ক্ৰমাৎ বাঢ়ি আহে যন্ত্ৰণাৰ উত্তাপ ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,531
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,967
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,938
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,617
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,665
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,488