কবিতা :: ভাল দিন আহক --- শ্ৰী ৰাজেন দাস

এদিন ভাল

দিন আহক

খলা-বমাই

নপৰক নমৰক

জীয়া জীও

প্ৰাণে প্ৰাণে

বাজক সপ্তসুৰ

বোদ্ধিদ্ৰুমৰ ছাঁ

ৰাজ অট্ৰালিকাৰ

মাছৰুপীৰ মনত

নাঙলৰ সীৰলুৱে

গছি-ধানত অনামি

ধান লেৰেলাই

মনালিচাৰ হাঁহি

চিকমিকাব উঠক

জেপত থোৱাও

মিত্যব্যয়ী হওঁক

তেবুল তলৰ

হাতৰ হস্তৰেখাই

ফুটপাথৰ ফুটা

থালত জমা

হওঁক এউচুপনি

নখে মাটি-

পানী-মানৱতা

লিৰিকি বিদাৰি

শিপা চিনি

ভৰি তলৰ

ইখন সিখন

জপনাৰ বান্ধৰ

খলপা খলপ

চিনিব তোমাৰ

মোৰ উশাহৰ

প্ৰতিটো অবাধ

ৰৌদ্ৰোজ্জ্বালিত

স্পন্দন...

আহক ভাল

আহক সুদিন

সুমধুৰ সুবাসৰ

ভাঁজত

এই কথাচোন

আইতাই

পুৱতি নিশাৰ

সপোনত সুধিয়েই

থাকে...|

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,774
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:907
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,698
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:1,367
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581