কবিতা :: ভুলতো তুমি লিমিট ক্ৰছ নকৰিবা --- সমুজ্জ্বল ডেকা

সপোনবোৰ ডাঙৰ হৈ হৈ যি সময়ত পাহি মেলি হাঁহে
সেয়াইতো তোমাৰ ভৰ যৌৱন ৷
মই ভালকৈয়ে বুজো তোমাৰ বিশাল মনৰ সমসাময়িক সমস্ত পৰিভাষা
সেয়েহে কল্পনাৰ সাগৰত সাঁতুৰি-নাদুৰি
আৰু তোমাৰ কোলাত মূৰ গুজি হ'লেও লিখো অলেখ ভালপোৱাৰ গীত আৰু কবিতা ৷
.
যৌৱনপ্ৰাপ্ত মোৰ চকুযুৰি
যৌৱনপ্ৰাপ্ত মোৰ হাত আৰু ভৰি
যৌৱনপ্ৰাপ্ত মোৰ উশাহ আৰু নিশাহ
পূৰ্ণ যৌৱনপ্ৰাপ্ত মোৰ দেহ আৰু মন
ঠিক তোমাৰ দৰেই!
.
নিঃসংগ হ'ব নিবিচাৰো
মোক সংগ দিবলৈ মাথো তুমিয়েতো আছা
তোমাৰ মনে নৰ'লে এবাৰ হ'লেও আহি দেখা দিবা
বুকুখনি বন্ধকত থৈ হ'লেও দিবলৈ সাজু মই সঞ্জীৱনী উশাহ-নিশাহ
সেই বুলিয়েই তুমি অশ্লীলতা হানিৰ প্ৰয়াস নকৰিবা
ভুলতো তুমি ভালপোৱাৰ নামত লিমিট ক্ৰছ নকৰিবা ৷
.
আজিকালি যৌৱনে মোক বৰকৈ আমনি কৰা হ'ল জানা
ঠিক পানী কেঁচুৱাই ভোক লাগিলে মাকক আমনি কৰাৰ নিচিনা
সেইবাবেই হ’বলা মনে চাই ভালপায় আজিও মাজ নিশাৰ অলেখ আকাশী তৰা
আৰু ভালপায় সেই নিৰবধি সোঁতবোৰ আমাৰ বুকুলৈ মৰম-ভালপোৱা অনা-নিয়া কৰা ৷
.
এজাক বতাহ যেতিয়া বলে মন পখী মোৰ চঞ্চলতাত নাচি-বাগি উৰে
এই বতাহজাকেই মিঠা সুগন্ধিক হাত বাউলি বাৰে বাৰে মাতে
এইটো সঁচা তোমাৰ দেহৰ সুগন্ধি যেতিয়াই মোৰ নাকত লাগে
মোৰ দেহত শিহৰিত কামনা অজানিতে জাগে ৷
.
তথাপিও মই যেনিবা সুস্থিৰ
চেতন মনত অচেতনাই বাস সাজিব নোখোজে;
তোমাৰ যদি মোৰ প্ৰেমিকা হৈ থাকিবলৈ মন আছে
ভুলতো তুমি লিমিট ক্ৰছ নকৰিবা
কিয়নো পৱিত্ৰ ভালপোৱাৰ মজবুত আধাৰশিলা সততা আৰু বিশ্বাসৰ উপাদানেৰে গঢ়িব দিয়া ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,314
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,124
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:442
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,243
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,089