কবিতা :: ভোগালী --- বিক্ৰম কলিতা

শীতৰ ঠৰঙাবোৰ ভেদি

আহিছে লাহে-লাহেকৈ

ভোগৰ উৎসৱ ভোগালী,

উদং পথাৰখনেও যেন

শীতৰ মেলা পাতিছে।

ভৰি পৰিছে আটকধুনীয়া মেজিৰে

ডেকা-গাভৰুৰ গাত তত নাইকিয়া

শুকান খেৰ-নৰা বিচাৰি মেজি সাঁজি

ভোগৰ উৎসৱক আদৰিবলৈ।

আইৰ আখল উভৈনদী

চিৰা-সান্দহ-পিঠাগুড়ি

ভোগ-বিলাসৰ সামগ্রীৰে।

কোনে কি কৰিব কি নকৰিব

সেইলৈয়ে সকলো ব্যস্ত,

চুবুৰীয়ে চুবুৰীয়ে ঢেঁকী-উড়ল

শব্দই ৰজনজনাই গৈছে।

উৰুকাৰ নিশা সকলোৱে মিলি

হাঁহে-মাহে এসাজ ভোজ-ভাত খাম,

ল’ব লাগিব মাটি মাহৰ সোৱাদ

খাব লাগিব মোৱা আলুৰ মিঠা

ৰাতিপুৱা শুই উঠি নদীৰ পানীত

গংগাৰ জল মিলিত হয় বুলি জনা যায়।

সেই পানীত স্নান কৰি

ভীষ্ম ৰজাক সুঁৱৰি মেজি জ্বলাই দিম

মাজে মাজে হিলৈ ফুটিব

কিযে ভাল লাগিব।

ডাঙৰ জনাক সেৱা জনাই

আশীৰ্বাদ ল’ব লাগিব।

মেজিৰ জুইৰ তাপে যেন সকলোকে

সুস্বাস্থ্য,সুন্দৰ জীৱন আৰু আশাবোৰ

পূৰ্ণ কৰি তোলে।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:127
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,579
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:970
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,689
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,503
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,741