কবিতা :: ভোগালী --- হেমেন দাস

আকৌ এবাৰ শুকুলা আকাশত

ডাৱৰৰ নিভাঁজ চেঁচা কুঁৱলীৰ বা:

দুচকুত শৈশৱ জিলিকি উঠিছে

কৰবাত চাগে কঁহুৱা উৰিছে,

খেদি ফুৰা ঘৰচিৰিকা কিশোৰ মনত

যেন নিৰৱবধি গঙ্গা স্ৰোত,

শুকান কলপাতৰ আঁৰে আঁৰে

জীৱন আকৌ চঞ্চলা,

নৰা সাৱটি থিয় হৈ

পথাৰ শুৱনি ভেলাঘৰ,

সীমাহীন হৃদয়ত জাগি উঠে

সীমাহীন হাবিয়াস,

এপাচি চাউলত আইৰ কৌশলী হাতৰ

বুলনিত ফুলি উঠে মাঘ …

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084