কবিতা :: মই এণ্ড্ৰইড পৃথিৱীৰ পৰা কৈছোঁ --- বিষ্ণু বড়া

এখন জগতৰ পৰা
এজাক উত্তাল বতাহে মোক উৰুৱাই লৈ গ’ল
আন এখন জগতলৈ
হয়টো ধুমুহাৰ লহৰত
আপুনিও গৈছে উৰি সেই দিশলৈ

সঁচাকৈয়ে এইখন এখন নতুন এণ্ড্ৰইদ পৃথিৱী
নাই ইয়াত জোনাকী পৰুৱা
নাই শৰতৰ সেই সন্ধিয়া শেৱালীৰ সুবাস
আছে ৰঙা নীলা নিয়ন লাইট
আছে বিলাতী সুৰাৰ কৃত্ৰিম সুবাসৰ....

কাৰোবাৰ এষাৰ চেনেহৰ মাততে
হেৰাই গৈছে আদৰৰ মা-দেউতা
পাহৰি পেলাইছে প্ৰতিশ্ৰুতি বন্ধুত্বৰ বান্ধোন
যেন বতাহে সলাইছে সুৰ.....

হাঃ হাঃ হাঃ প্ৰেমত পৰিলেই হৈ পৰে
পুৰুষ নাৰী দুয়ো চলমান-চানীৰ পুতলা
বাট-পথ কথা নাই
সৰু-ডাঙৰ বিচাৰ নাই
গাঁৱৰ পৰা চহৰৰ গলিলৈ
পাৰ্ক-হোটেলৰ কোঠাবোৰো
নিলাজ হৈ যায়
এই আধুনিকতাৰ ঘুৰ্ণীৰ আবৰ্তত
মই গোপনে আশ্রয় বিচাৰো
সু-কুমল দলিচাত পৰি
বাগৰ সলাবলৈ,
ভদ্ৰতাৰ মুখা পিন্ধি ঘুৰি ফুৰো
মই যে এটি জীৱ শ্ৰেষ্ঠ মানুহ....

আধুনিকতাৰ সাগৰত ডুব গ'ল
তাহানিৰ প্ৰেম প্রশান্তৰ গভীৰতাৰ
লেফাফাৰ গোপন ৰহস্য ;
এতিয়া গালত, ওঠত, কপালত
মুকলি পথাৰত আলিংগনৰ চুম্বন.........।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995