কবিতা :: মই তোমাৰ চহৰ এৰি উভটি আহিলো --- ৰিমকি ভাগৱতী

তোমাৰ চহৰ এৰি থৈ

আতৰি আহিছোঁ যিমানেই মই

বুকুৰ ভিতৰতে শুনিছোঁ

হৃদয় মহতিয়াই নিব খোজা এজাক নিৰ্দয় ধুমুহাৰ মাত......

মোৰ দুচকু নিৰ্বিকাৰ ....

কিন্ত্ত কৰ পৰা নাজানোঁ , দুখনি বাউলী নৈ

বাট বিচাৰি বুকুতে কৰিছে হাহাকাৰ ...

মই যেন নিজৰেই ভৰ নিজেই কঢ়িয়াবলৈ অসমৰ্থ আজি,

যদিওবা খালী হাতেৰে আহিছোঁ ,

অহাৰ দিনাও একেই আছিল এই খালী হাত।।।

অৱশ্যে সপোন আছিল অশেষ বুকুৰ মাজত

তোমাৰ চহৰক লৈয়ে দেখা সপোন ,

এৰি আহিলো সেইবোৰ তোমাৰ কাৰেঙৰ

কোনোবা এটি কোণত .......।।

জানিছিলো মই, যে

মই তোমাৰ দৰে নহয় ,

তুমিওঁ মোৰ দৰে নোহোৱা .....

কিন্তু মই তোমাৰ আৰু তুমি মোৰ হৈ

থকাৰ এক অলিখিত চুক্তি বহন কৰিছিলো হিয়াত ।

তুমি হিচাব কৰাত নিপুন

দিয়া আৰু লোৱাৰ .........

আৰু মই প্ৰেমৰ জুলুঙাত লৈ ফুৰো

তলসৰা শেৱালীৰ দৰে

তোমাৰ ভাষাৰে, বেকাৰ অভিমান ,,,

তোমাৰ সেই কামত নহা অভিমানৰ টুপোলাটোও

এৰি আহিছোঁ কৰবাত .... সেয়াতো আছিল

তোমাৰ প্ৰেমেই মোক দিয়া অধিকাৰ .......।।

তোমাক পোৱাৰ হেঁপাহতে মই

নিজকে নিজেই হেৰুৱাই থৈ আহিলোঁ .......

এতিয়া তোমাৰ বিনিময়ত

তোমাক দিবলৈ শূন্যতাৰে পূৰ্ণ মোৰ দুহাত .....।

তোমাৰ চহৰৰ এটুকুৰা চন পৰা মাটি মই

মই দেৰিকৈ হ’লেওঁ বুজি উঠিছো

ওখ অট্টালীকাৰ পৰা তুমিতো কেনেকৈ দেখিবা

চিৰাল ফটা মোৰ এই হিয়া ........

বেদ ৰ মন্ত্ৰৰ শপত

মই এতিয়াও এৰিব নোৱাৰোঁ তোমাৰ হাত ,

সেয়ে কোনেও নজনাকৈ মই তোমাৰ চহৰ এৰি উভটি আহিলো ...

বিলীন কৰিছোঁ নিজকে নিজৰেই সেউজী পৃথিৱীৰ ছাঁ ত,

আৰু গুণ গুণাইছো প্ৰকৃতিয়ে শিকোৱা

এন্ধাৰ নাশি পোহৰ সিঁচিব পৰা এক অমূল্য গান,

খোজ দিছোঁ .......................

তুমি কাহানিও স্পর্শ কৰিব নোৱাৰা

মোৰ পৃথিৱীৰ এই সুৰুজ সন্ধানী সুণাৰু ফুলিয়া বাট ।।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,207
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:233
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,019