কবিতা :: মই বিদিশাই কৈছো দেউতা --- ড০ লখিমী গগৈ

মই বিদিশাই কৈছো

মোক ভূল নুবুজিবা

দেউতা

মৃত্যুৰ হিমশীতল শয্যাত শুই

আজি শেষ বাৰৰ বাবে

তোমাৰ কথাই ভাবিছো

কিয় এনে হ’ল ?

মোৰ জীৱনৰ ৰংবোৰ

ক’ত হেৰাই গ’ল !

তুমিতো মোক জানিছিলা

কিমান অভিমানী আছিলো মই

কিয় তোমাৰ হাতখন নিদিলা

মোৰ হিয়াভগা কান্দোন

এবাৰো নুশুনিলা

হয়তু অভিমান আছিল তোমাৰো

মোৰ প্ৰতি

জানা দেউতা -

সমাজখন ডুব গৈছিল

ডুব গৈছিলা তুমি

ডুব গৈছিলো মই

মিছা ভেম, অভিজাত্যত

মিছা প্ৰেম ,প্ৰলোভনত

সেয়েহে ছাগৈ ভূল দিশত

ধাৱমান হৈছিলো মই

সময়ে মোক দেৰিকৈ শিকালে

সময়ে মোক বেয়াকৈ শিকালে

এতিয়া মই বেয়া ছোৱালী

এতিয়া যে দেউতা সকলো শেষ

ভূল নকৰো আৰু

তুষাৰৰ শেতেলীৰ শুই থকা মোক

তৰা বিলাকে যে মাতিব ধৰিছে

আহা বিদিশা হাৰি নাযাবা-

আমি আছো তোমাৰ লগত

লগ দিম তোমাক

হাঁহিম, নাছিম গীত গাম

অন্ধকাৰ ধৰাক বিলাম জোনাক ।।

(১৯/০৭/২০১৭)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,466
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,008
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,437
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,486
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,544