কবিতা :: মই যে অসহায় --- মহিদুল ইছলাম বুলবুল

অভিমানে য’ত বাগৰ সলাই

তাতেই নিশা এটাই হুমনিয়াহ কাঢ়ে

কৃত্ৰিম চহৰখনে হাত বাউলি মাতে

নিশাৰ নিৰৱতাক...

ক্ৰমশঃ শেষ হ’ব ধৰে

দুচকুৰ যাউতিযুগীয়া সপোন..

এপলক তোমাৰ সৈতে সংঘাত

আৰু সেই যে আমাৰ দুষ্ট দুচকুৰ মুখামুখি ...

তাতেই সংগোপনে সৃষ্টি হয়

ভালপোৱাৰ এখন বহল পৃথিৱী

তুমি তুলি ধৰা দুহাতেৰে মোৰ

সৰি পৰা অনুভৱৰ হাজাৰ ৰাগিনী...

এই যে অভিমানৰ কেঁকুৰিত তুমি

অহাযোৱা কৰা বাৰে বাৰে

আৰু মোৰ বেইমানী হৃদয়খনে

তোমাক দেখিও নেদেখাৰ ভাও ধৰে

কিয় জানা ?

জীৱনৰ তুলাচনীত বোলে

জাত পাতৰ ভৰ বেছি হৈ পৰে,

সমাজৰ মান জুখিব পৰাকৈ

মোৰ নিলাজ হৃদয় সাহসী হ’ব নোৱাৰে

পলৰীয়া মন লৈ জীয়াই

আছো বৰ অসহায় ভাৱে..

google_ad_client = "ca-pub-7266255229823793"; google_ad_slot = "8669829143"; google_ad_width = 336; google_ad_height = 280; অভিমানে য’ত বাগৰ সলাই তাতেই নিশা এটাই হুমনিয়াহ কাঢ়ে কৃত্ৰিম চহৰখনে হাত বাউলি মাতে নিশাৰ নিৰৱতাক." data-share-imageurl="">

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,279
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,321
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,280
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,485
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,581