কবিতা :: মোৰ আইৰ চকুলো --- ছানকুমাৰ কলিতা

চৌদিশে অনিয়মৰ ত্ৰাস

হিংসাই দহিচে সমাজ,

হাজাৰজনৰ ৰক্ত প্লাৱন কৰি

কেনেকৈ জীয়াই থাকো,

এয়াই আজি সমাজৰ মূল-সূত্ৰ ,

চাৰিওফালে দেখিছো মৰিশালী

মানুহৰ দেখোন অস্তিত্বই নাই।

মাজৰাতি কাৰোবাৰ উচুপনি,

মোৰ টোপনি ভাঙিল

সেয়া দেখোন মোৰ অসমী আইৰ কান্দোন ,

চকুলো কিয় ?

মোৰ আইৰ বুকু তেজেৰে ৰাঙলী ,

মই শুই আছোঁ ,

মই শুই আছোঁ ।

আই তই বৰ দূৰ্ভগীয়া ,

তোৰ নিৰৱ দুচকুত আজি বেদনাৰ চকুলো

আৰু মই শুই আছো,

শুই ঠাকিম,

ধিক এনেকুৱা পুত্ৰ ।

কিমান ৰাতি আৰু উজাগৰে মোৰ আয়ে উচুপি থাকিব ?

যদি সচাঁ অৰ্থত লাচিতৰ তেজেৰে সিক্ত আমাৰ সিৰা-ধমনী,

যদি সচাঁ অৰ্থত আমি ৰসৰাজৰ খাৰখোৱা অসমীয়া,

ওলাই আহা সকলো

লৈ আহা হেংদাঙ,

বৰলুইত বাহুৰ উদ্যমেৰে গঢ়ো নতুন অসম ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,739
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,538
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,436
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,638