কবিতা :: মোৰ নাম কিতাপ --- জাহাঙ্গীৰ আলম

মোৰ নাম কিতাপ
আকাৰত বৰ সৰু যেন লাগিলেও
মই অসীম জ্ঞানেৰে পৰিপূৰ্ণ
মোক যিজন ব্যক্তিয়ে অধ্যয়ন কৰে
তেওঁ বিশ্বক জয় কৰিব পাৰে ৷
মোৰ জ্ঞান অবিহনে
বিশ্বৰ সমস্ত মানৱজাতিটো অন্ধ
আৰু বিকলাংগৰ দৰে
মোৰ প্ৰতিটো পৃষ্ঠাত আছে
নানা ধৰণৰ জ্ঞানৰ সাৰ ৷
মোক অধ্যয়ন কৰি
মোক সজীৱ কৰি ৰখা পাঠকক
মই কাহানিও খালী হাতে নপঠিয়াও
উপহাৰ হিচাপে জ্ঞানৰ টোপোলা এটি দিওঁ
যাৰ সহায় লৈ চিৰজীৱন স্বাধীন ভাবে
নিজৰ লগত আনকো উজ্জ্বলাই ৰাখিব পাৰে ৷
মোৰ অন্তৰখন নিকা আৰু পৱিত্ৰ
মোৰ দৃষ্টিত সকোলো মানুহ সমান
হিন্দু,মুছলিম,শিখ,ইচাই সকলোৱে
যেন একে পিতৃৰে সন্তান
সকলোকে মই সমপৰিমাণৰ
জ্ঞানৰ পোহৰ বিলাই দিওঁ ৷
মোৰ জ্ঞানৰ পোহৰৰে আলোকিত হৈ
কোনোবাই ডক্টৰ কোনোবাই ইঞ্জিনীয়াৰ হৈ
বিশ্বৰ মানৱজাতিৰ সেৱা কৰি আছে
এইয়া মোৰ বাবে এক অন্যতম সাফল্য
মোৰ জ্ঞানৰ পোহৰেৰে বিশ্বখনক মই এদিন
জোন আৰু তৰাৰ দৰে উজ্জ্বলাই ৰাখিম ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,527
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,327
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,981
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,199