কবিতা :: মোৰ মৃত্যু দিনা তুমি আহিবা --- বিষ্ণু বড়া

মই যাম গৈ
সৌ দূৰ নীলিমলৈ ......
সঁচাকৈয়ে মই যাম গৈ
কাৰো হানি নহ'ব মই গ’লেগৈ.......
পিছে ,
তুমি মোৰ মৃত্যু দিনা আহিবা
মা আৰু দেউতাক দুঃখ সময়ত
অকণমান সান্তনা দিবা ..........

মোৰ মৃত্যু দিনা তুমি আহিবা
আগফালৰ চোতালত মানুহৰ সমাগম পাবা
দুই এজন ব্যক্তি চিনাকী দেখিবা
পদুলিৰ পৰাই শুনিবা
সকলোৰে কথা বতৰা তল পেলোৱা
আইৰ হিয়া ভঙা কান্দোন....

তোমাক দেখা পালেই চাগে
আইৰ কান্দোনৰ তাল কাটিব
তুমি কাষ চাপি গ’লে
হয়তো মায়ে তোমাৰ সাৱটি ল'ব
বান্ধি ৰাখিব খোজা দেউতাৰ কান্দোন
আকাশ বতাহ তোলপাৰ লগাই দিব.........

সকলোৱে মাজত মোক এখন বগা কাপোৰেৰে
ঢাকি ৰাখিব
যদি মন যায়
কাপোৰখন আঁতৰাই
এপলক মোৰ শেঁতা পৰা মুখখন চাবা......

মোৰ মুখখন চাই তুমি কান্দিবা
মই জানো তুমি ইমানো নিষ্ঠুৰ নহয়......
মই দুঃখিত
কাৰণ মোৰ ক্ষমতা নাই
তোমাক চকু মেলি চাবলৈ
চকুলোৱে ভৰি পৰা তোমাৰ মুখখনিলৈ......
মোক ক্ষমা কৰি দিবা
মই নোৱাৰিম মোহাৰি দিবলৈ
আলফুলে তোমাৰ দুগালৰ চকুলো........।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,368
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,601
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,537
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: আমাৰ গাঁও
মুঠ পঢ়ুৱৈ সংখ্যা:1,767