কবিতা :: মৰা পাগলাদিয়াৰ মালিতা --- অবিনাশ কলিতা

মৰা পাগলাদিয়া নৈয়ে
নিৰন্তৰ জীপ দি ৰখা
সন্ধেলী–বৰপিট গাঁৱৰ
সেই পথাৰ–বননিকে
বুকুত বান্ধি অতকালে
নিৰ্বিঘ্নে জী আছিল তেওঁ।

যুগে যুগে অলেখ জীৱনৰ
প্ৰাপ্তি–হানি, অশ্ৰু–হাঁহিৰ
প্ৰত্যহ দ্বন্দ্ব–কোলাহল
সমস্ত যাৰ উদৰতে লুকায়
সুখে দুখে যাৰ দুয়োটি পাৰ
জীৱন–সোণাৰু ফুলি শুৱায়
সেয়া মৰাপাগলাদিয়া আই।

জন্ম–জন্মান্তৰৰ সংগী
সিখনি মৰাপাগলাদিয়াই
মন গ’লেই ক’তজনকে নচুৱায়
নৈপৰীয়াক থিতাতে কন্দুৱায় !

বৰপিটৰ ‘ভাল মানুহ’ এজন
সিদিনা অলপতে ঢুকাল।
নাই ক’তো খবৰৰ খলকনি,
উৰা নাই নৈৰ আঁচলখনি !
বৰ্ষাসিক্ত পূবালী বায়ুতে যেন
মিলি গ’ল চহা জীৱনৰ
এসোঁতা সুৰ, সুখকৰ ছন্দ–তাল ।

জাপ জাপ পুৰণি কাকতৰ
ভাঁজত হেৰাই যোৱা
অলেখ খবৰৰ লেখীয়াকৈ
অলক্ষিতে মাৰ যোৱা ইও যে
গতানুগতিক এটি তুচ্ছ খবৰ।

ভূ–ভাৰস্তৰ ভু নোপোৱা
নিমাখিত মাটিৰ মানুহজনে
জীৱনৰ পঢ়াশালিত মাথোঁ
তুলি লৈছিল ত্যাগৰ পাঠ
জোঁটাইছিল চেনেহৰ আখৰ।

দুটিপাৰৰ জীৱন চুই থকা
এখনি সাঁকোৱে সহি আহিছে
কৃষক–ৰোৱনী,গৰখীয়া
মাছুৱৈ ক’তজনৰ খোজৰ ভৰ
কান্ধৰ মেটমৰা ভাৰ
সিও মেহনতী জীৱনৰ সহচৰ।

থৰক–বৰক সাঁকোখনিয়ে
সিদিনা মৰণোন্মুখ মানুহজনকে
ওভোতাই ক’লে—
‘‘এৰা,ভাগৰি পৰিছোঁ ভাই।
তোৰে সৈতে আজি মোকো
পাৰ যদি নেচোন এবাৰ কৰি পাৰ !’’

এইবেলি শাওণীয়া বানে
দিন দুপৰতে ধুই নিলে
‘নবীন’ নামৰ জনৈক অক্লান্ত
কৃষকৰ সেই চিতাভষ্মৰ অৱশেষ
আৰু গঞাৰ অযুত সপোন
সমুদায় কৰি গ’ল থান–বান।

আখৰৰ চুক নিচিনাকৈ
আনৰ সুখৰ বাবে
টোপা টোপে কপালৰ ঘাম
মাটিত সৰাই তুষ্ট হোৱা মানুহজনৰ
সেই হৃদয়খনি আছিল
যেনিবা সুৰাৰোপ নকৰা
গুণ গুণাই হেঁপাহ নপলোৱা
নৈ আকলুৱা এটি মাটিৰ গান।
…..................
(বৰপিট গাঁও নিৱাসী নবীন বৰ্মনৰ
শ্ৰদ্ধান্বিত সোঁৱৰণত উৎসৰ্গিত)

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635