কবিতা :: যন্ত্ৰণা --- ধীৰাজ কলিতা

যন্ত্ৰণাই হেচামাৰি ধৰা বুকুখনত
তোৰ অকণমান সহাঁৰিয়ে
সাহস দিছিল বাস্তবৰ লগত
একেলগে খোজ দিবলৈ ।
কিন্তু.....

সেই হাঁহি মুখৰ উৎফুল্লিত বাসনাক
আজুৰি কাঢ়ি নিলে নিষ্ঠুৰ নিয়তিয়ে

সঁচাই সময় বৰ নিষ্ঠুৰ....

বিশেষ একোকে দেখোন বিচৰা নাছিলো তোৰ পৰা
মাত্ৰ বিচাৰিছিলো এবুকু সঁচা মৰম
আৰু মোৰ বাবে তোৰ কিছু সময়......
কিন্তু মোৰ উকা কপালত সেইয়া যেন এক
কাল্পনিক সপোন হৈ ৰ’ল

হাজাৰতা বেদনাক বুকুত ঢাকি
এটা নিৰস হাঁহি লৈ
প্ৰতিটো মূহুৰ্তত চাইছিলো তোলৈ
কিজানি উভতি চাবি মোলৈ........
কিন্তু তোৰ ব্যস্ততাভৰা জীৱনৰ ব্যস্ততাক লৈ
তই যেন বহুত সুখী আছিলি ..........
আৰু তোৰ সেই হাঁহি মুখৰ সুখী মনটোক চাই মই
বাৰে বাৰে উভতি আহিছিলো
কাৰণ.........
তোৰ হাঁহি থকা মুখ খনেই মোৰ
সকলো দুখৰ অন্তিম ঠিকনা আছিল ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,779
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,563
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,687
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,523
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,728