কবিতা :: লালকুৰা গাঁৱৰ হালধীয়া ছোৱালীজনী --- মেহেনাজ সৰকাৰ

লালকুৰা গাঁৱৰ সেউজ বননিত
পখিলা হৈ নাচি ফুৰা হালধীয়া ছোৱালীজনী
কুশলে আছানে তুমি
একেই আছেনে তোমাৰ হ্ৰদীয় চকুৰ চাৱনি
দুওঁঠৰ জোনাক জোনাক হাঁহিৰ মোহনা
কাজলসনা চেলাউৰি
সেন্দুৰীয়া ওফন্দা গাল
পছোৱাৰ সৈতে চুপতি মৰা
দীঘলীয়া ক'লা চুলিটাৰি

তুমি হালধীয়া পোছাক পিন্ধানে এতিয়াও
তোমাৰ সৌন্দৰ্য্যত ঈৰ্ষানীয় হৈ
মুখ ভেকাহি ডুবেনে বেলি
পছিমত আকাশত
নাইবা তৰাবোৰে ধৰেনে আগচি
পূৰ্ণ শশীক লালকুৰাৰ সুবাসিত উদ্যানত

তোমাৰ প্ৰেমৰ মোহনাত
শব্দৰ খেতি কৰিছো
লহপহকৈ বাঢ়িছে সি
সাক্ষাৎ তোমাৰ দৰেই
লালকুৰাৰ হালধীয়া ছোৱালীজনী
চাবানে তুমি

ইতি
তোমাৰ উৱলি যোৱা
স্মৃতিৰ ধুসৰিত পৃষ্ঠা আওৰাই চোৱা
হয়তো তাতেই সংগোপনে জিলিকি আছে
তোমাৰ একালৰ প্ৰেমিক চৰাই ...

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459