কবিতা :: লৃগাং --- বিষ্ণু বড়া

আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ,
আমাৰ প্ৰেমৰ চিনাকি দিম জংকি পানৈ হৈ,
আপঙৰ ৰাগিত সকলোৱে গুমৰাগ নাচিব,
চৌদিশ কঁপাই দুদুমাৰি বাজিব........ ।

তবগ্ গালুক পিন্ধিমে মই ,
এগে গাছৰ গেৰ কেপৰেক পিন্ধিবি তই,
দীঘলী পুখুৰীপাৰত পলাশ জুপি ফুলিব হেঙুলীয়া হৈ
তাৰে তলত থাকিবি ৰৈ
তই দিয়া ৰঙা ৰিবিগাচেংখনি ডিঙিতে লম মেৰিয়াই....
কাঞ্চন শাৰীৰ তলেৰেই
তোৰে হাতত ধৰি লৰ দিম লৃগাঙৰ তলিলৈ....

আমাক দেখিলে জুকাব নাহৰৰ পাতে সুহুৰিয়াই
ঐ নি-তমৰ সুৰ তুলিব ফাগুনৰ পচোৱাই,
মতলীয়া কুৰুলি পুলি বজামে মই,
কঁকাল ভাঙি নাচিবি কনেং তই..........

আহিবি কনেং দিচাং মুখৰ লৃগাং তলিলৈ......।

********* *********
********* *********

[
১/ আপং - মদ, সুৰা ।
২/ গুমৰাগ - মিচিং সম্প্ৰদায়ৰ নৃত্য ।
৩/ দুদুমাৰি - এবিধ মাদলৰ দৰে বাদ্য ।
৪/ তবগ্ গালুক - এবিধ মিচিং সম্প্ৰদায়ৰ পুৰুষৰ চোলা ।
৫/ এগে গাছৰ - মিচিং তিৰোতা সকলে গাত মেৰিয়াই লোৱা চাদৰ মেখেলাৰ দৰেই বস্ত্ৰ ।
৬/ গেৰ কেপৰেক - মিচিং তিৰোতা সকলে গাত মেৰিয়াই লোৱা মেঠনি দৰেই বস্ত্ৰ।
৭/ ৰিবিগাচেং - মিচিং সকলে ব্যৱহাৰ কৰা এখন চাদৰৰ দৰেই বস্ত্ৰ ।
৮/ ঐ নি-তম্ - মিচিং সম্প্ৰদায়ৰ লোক-সংগীত ।
৯/ কুৰুলি পুলি - বাঁহী।

]

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,499
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,536
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:995