কবিতা :: ল’ৰালি --- নয়নজ্যোতি দাস

আকৌ আহিবিচোন তই
এজাক কিৰিলি
আৰু এজাক পখিলাৰ স’তে ।

ৰ'দৰ পখিলা খেদি
সময়েও ফেঁকুৰি উঠে,
পিছে তোৰ আহৰি নাই ।

সময়তকৈও অভিমানী নে তই ?

তই আহিলে
পখিলাবোৰ ছাঁই হৈ যায় যদি ?
তইটো জানই মোৰ দুহাত ৰ'দেৰে পোৰা ।

তই উভতি আহিবি
আকৌ এবাৰ চুই চাম তোক ।

মোৰ দৰে
ৰ'দৰ জুইত জাহ নাযাবি তই ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,659
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:3,403
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,078
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,570
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,551
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,582