কবিতা :: শক্তি --- দীপাংক শৰ্ম্মা

কোন তুমি ?
মই এটি শক্তি ।
যাক তুমি চিনি নোপোৱা, বুজিও নোপোৱা,
সন্মান কৰিবও নাজানা, মৰমো দিব নাজানা

জনা হ’লে …………………
নহ’লহেঁতেন কাৰো অপমৃত্যু ৰাজধানী চহৰত ।

মইয়েই সেই শক্তি যাৰ পৰশত জীপাল হয় এটি পঁজা ।
অবিহনে যাৰ, সৃষ্টি স্তদ্ধ ।
মমতাৰ সুতাৰে গাঁঠি,
তোমাৰ বাবে নিজকে বিলিন কৰো মই ।

বিনিময়ত ………………….
বিচাৰো মাথো অলপ সন্মান,
অলপ সঁচা মৰম তোমাৰ পৰা ।

চিনি পাইছানে মোক ?

মই এটি শক্তি,
এগৰাকী মাতৃ ।
এগৰাকী ভগ্নী ।
এগৰাকী পত্নী ।
নাৰী শক্তি ।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,041
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,921
শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,416
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,675
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,263
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,908