কবিতা :: শাওনৰ কোমল মাটিৰ পথাৰৰ স্মৃতি সোঁৱৰি --- বিষ্ণু বড়া

দল মেটেকা এৰালীৰে হেন্দোলি থকা
থপথপীয়া ক্লেদময় পথাৰৰ বুকুত
মই সপোন ৰচিছিলোঁ

দোকমোকালিতে শুৱা ঢাৰি এৰি
কান্ধত নাঙল
এহাতে খেৰৰ জুমুঠিটো লৈ
জেপজেপীয়া বৰষুণ জাকৰ স'তে
থৰক- বৰক খোজেৰে চিকুণ আলিটো পৰা
বাঁহতলীয়া জেকা আলিটোৰে
পথাৰলৈ ঢাপলি মেলিছিলোঁ

ভাষাৰে বুজাব নোৱাৰা
শাওনীয়া পথাৰৰ বতৰা
মাথোঁ বুকুত বাজি আছে সেই অনুৰাগীৰ সুৰ...

পথাৰত.......
মই অনুভৱেই কৰিব পৰা নাছিলোঁ
ৰ'দ-বৰষুণ
আৰু
ম'হ-ডাঁহ-চেৰেপাৰ আক্ৰমণ
শাওনীয়া আৱেগত
বিলীন হৈছিল ছাগে সকলোবোৰ কষ্ট....

ওখ টিলাটোৰ ওপৰত অলপ জিৰণি লৈছিলোঁ .....
এবাৰলৈ হ'লেও চাইছিলোঁ
লুংলুঙীয়া হাবিতলীয়া আলিটোলৈ......
ভনীজনী আহিব এহাতত চাহপানী
আৰু এহাতত নিমখ জলকীয়াৰে
আইয়ে যতনাই দিয়া পইতা ভাত এচৰিয়া অনালৈ........

বেলিটো আহি মূৰৰ ওপৰত
হালখন মেলিলোঁ
তেতিয়াও ভনীজনী নাহিল জলপানৰ টোপাল লৈ.....

নাঙলটো পথাৰৰ একাষে থৈ
মহ হাল দলনিলৈ খেদি দি
নাঙলে কটা দলঘাঁহ বোৰ
জৱকাৰে টানিলোঁ

জানটোৰ সিপাৰৰ পৰাই ভনীজনীয়ে মাতিছিল
দুডালি বাঁহৰ সাঁকো ডাল পাৰ হ'ব নোৱাৰি

বোকোচাত তুলি লৈ পাৰ কৰিলোঁ তাইক সাঁকো ডাল.....

সাঁকো পাৰ কৰি নমাই দিওঁ বুলি কোৱাত
তাই চিঞৰি উঠিছিল
" খালে ঐ "......
দ' পথাৰ জোক ওলাই !
একেচাতে তাইক ওখ টিলাটোত

উঠাই মোৰ হৈছিল ৰক্ষা
ন’হলে উভালি পেলালে হেতেন
তাই হাতেৰে খামুচি থোৱা
মোৰ গলঢনৰ চুলি কোচা....

হাঁহি উঠিছিল ডাঙৰ হ'লে যে
তাই কিনো কৰিব বুলি
এতিয়া পিছে তাই আনৰ ঘৰৰ বোৱাৰী......

নাই আজি পাৰ হ'বলৈ সেই সাঁকো ডাল
মইও নালাগে পাৰ কৰাবলৈ তাইক...
নাযায় আজি পোনাকণহঁতে
পথাৰত মৈ দিয়া পিছে পিছে
ঘোলা পানীত ঢেল খোৱা
মাছ ধৰিবলৈ.......

হেৰাই গ'ল গাঁৱৰ বুকুৰ
পথাৰৰ সতেজ সেউজীয়া বোৰ
নাই তাহানিৰ দৰে কেঁচা মাটিৰ গোন্ধ. .
ঘামে তিতা বুকুৰ ধপধপনিৰ উমান লবলৈ
নাহে আজি হালোৱাৰ চেনেহী........

আজি পামনে বিচাৰি
সেই শাওনীয়া দিনৰ মাদকতা
জোনাক ৰাতি চিপচিপ বৰষুণৰ মাজত ........।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:247
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,337
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,147
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,308
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,024