কবিতা :: শীতৰ অনুভৱ --- সমুজ্জ্বল ডেকা

পুহমহীয়া ৰাতিপুৱা

কুঁৱলী পৰিছে ইমানকৈ ঘন

শুভ্ৰ চাদৰৰ আঁৰত

নেদেখো ভাল লগা আকাশৰ ৰং

নেদেখো ফুলি ৰোৱা সূৰুযটিৰ বৰণ ৷

অতিপাত শীত নামিছে

ৰক্ত কণিকাবোৰক আক্ৰমণ কৰিবলৈ

বেমাৰৰ বীজাণুবোৰে

টিঘিল-ঘিলাই ফুৰিছে বাটে-পথে

উঠি পৰি লাগিছে

মই ইমানদিনে সাঁচি থোৱা

স্বপ্নাতুৰ হেঁপাহৰ ভঁৰাল নষ্ট কৰিব বিচাৰিছে

আশাবোৰ চেচাঁ পানী হৈ সৰিব ধৰিছে!

এতিয়া জীয়াই থাকিবলৈ মাথো

দেহক ৰ'দৰ উত্তাপ লাগে

ৰ'দৰ উত্তাপতহে দেহটি সুগন্ধিত হৈ পাহ মেলে

মনে বিনন্দীয়া হাঁহি এটি মাৰি

জীৱন নদীত সুখৰ ব'ঠা ব'ব খোজে!

শীত আহিলে

ক'ব নোৱাৰাকৈ মই অন্বেষক হওঁ

অন্বেষণ কৰো মই

এজাক তীক্ষ্ম উত্তাপিত পোহৰৰ

অন্বেষণ কৰো মই

কুঁৱলীৰ ফাঁকে ফাঁকে নীলিম আকাশৰ

অন্বেষণ কৰো মই

হাড় কঁপোৱা শীততো

মোৰ মনৰ বতৰা আপোনসৱক দিব খোজা নোমাল চৰাইজাকৰ

অন্বেষণ কৰো মই

অতীতত হেৰাই যোৱা সপোন আৰু স্মৃতিবোৰৰ

অন্বেষণ কৰো মই

আই-পিতাইৰ কোমল হাতৰ নে বুকুৰ তপ্ত উমালবোৰৰ.....!!

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:2,285
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,099
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,135
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,766
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,098