কবিতা :: শেষ চিঠি --- জাহাঙ্গীৰ আলম

কিমান চিঠি দিলোঁ তোমালৈ
এখনৰো উত্তৰ নিদিলা মোলৈ
দিন গৈ গৈ বছৰ পাৰ হ'ল
তথাপিও মোলৈ চিঠি এখন লিখা ন'হল ৷

এতিয়াও বুজিব নোৱাৰিলোঁ মই
তোমাৰ হৃদয়ৰ গোপন গতি
কিয় মিছায়ে বাৰেবাৰে তুমি
মোক কৰা আমনি ৷

বুজিব পাৰিছোঁ মই এতিয়া
তোমাৰ নিভাঁজ হৃদয়ৰ গোপনতা
তোমাৰ হৃদয়ৰ ভাঁজে ভাঁজে
নিশ্চয় কোনোবা লুকাই আছে ৷

মই নকৰোঁ তোমাক আমনি
আকৌ চিঠিৰ ভাষাৰে
তোমালৈ এইখনেই মোৰ শেষ চিঠি
পাৰিলে তুমি ল’বা আকোঁৱালি ৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,465
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,251
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,362
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:213
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,631