কবিতা :: শ্ৰদ্ধেয় দেউতা --- দিলীপ কুমাৰ শৰ্মা

আজি তোমালৈ বৰকৈ মনত পৰিছে
কৰ্তব্য আৰু দায়িত্বৰ আবেষ্টনিৰ মাজত
তোমাৰ সেই সদাব্যস্ত মুখখন
প্ৰতিশ্ৰুতিৰে ভৰা সুউজ্জ্বল চকুহাল
সোণালী সপোণ কঢ়িয়াই ফুৰা বিশাল অন্তৰখন
আজি বাৰে বাৰে মনলৈ আহিছে ।

শৈশৱত তুমিয়েই আছিলা মোৰ পৰম সুহৃদ
শাওনীয়া পথাৰৰ বোকাপানীৰ মাজত
মুৰত তাল পাতৰ জাপি আৰু হাতত কোৰ লৈ
কিমান যে পুৰণি আলি চিকুণাই নকৈ সঁজাইছিলা ।
আজি বাৰে বাৰে মনত পৰিছে
ধাননি পথাৰখন সঁজাল হৈ উঠিলে
তোমাৰ চকুত ভাঁহি উঠা সুখৰ অনুভূতি !
আৰু বানে ধুই নিয়া পথাৰখন দেখি
তোমাৰ শিল হৈ যোৱা বুকুখন !!

স্কুললৈ যোৱাৰ বাটত নিতৌ থমকি চাওঁ
তোমাৰ হেঁপাহৰ কৰ্মস্থল সেই চিকিৎসালয়খন...
আৰু আথেবেথে পদূলিলৈ ওলাই আহি
কামিজৰ জেপৰ পৰা উলিয়াই
মোৰ হাতত গুজি দিয়া সিকিটো..

স্মৃতিয়ে আজি বাৰে বাৰে আমনি কৰিছে ।
শৈশৱৰ শাৰদীয় অনুভৱ
পূজাৰ বাবে মোলৈ অনা নতুন কাপোৰ সাজ
পাখি লগা মন....!!
কিন্তু তোমাৰ জানো
চখ বুলিবলৈ একোৱেই নাছিল ?
মুখ খুলি নকলেও বুজিছিলোঁ
তোমাৰ মনৰ মাজত কঢ়িয়াই ফুৰা
জমা খৰচৰ এটি নিমিলা অঙ্ক ।।

তোমাৰ উদাৰতা আৰু ত্যাগৰ আশীষেৰে
আমাৰ জীৱন ধন্য কৰি
সংগোপনে গুচি গ'লা...
তুমি য'তেই আছা
কুশলে থাকা ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,826
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,831
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:181
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,696
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,508