কবিতা :: শৰতৰ জোনৰ সৈতে এখন্তেক --- মেহেনাজ সৰকাৰ

হেই ! কি লিখিম তোমালৈ
শৰতৰ বাটে বাটে
নিয়ৰৰ গান
কবিতা কবিতা
কিছু হৃদয়ৰ আকুলতা

এই দুষ্ট কাচোনমতী
তেনেকৈ মোৰ ফালে চাই নাথাকিবা
কিবা ক'বলগা আছে যদি
আকাশ আৰু তৰাবোৰক সাক্ষী থৈ
কাণে কাণে কোৱা

মোৰ পঢ়া মেজত আলহী হৈছে
তোমাৰ এমুঠি জোনাক
আথেবাথে সাদৰী
কলমেৰে বন্দী কৰিলোঁ
স্হায়িত্ব তোমাৰ

কি থাকিব পাৰে তোমাৰ মাজত
নাইবা কি জাগিব পাৰে
মোৰ হৃদয় পঁজাত
বাস্তৱৰ ফালৰি কাটি
সপোন ৰাজ্যৰ বাসিন্দা মই ?

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,635
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,256
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,625