তোমাৰ গাঁৱত
ব’হাগ নমাৰ বতৰত;
মই শিপাইছিলো
তোমাৰ সেউজীয়া বুকুত ।
দুচকুৰ পতাত তোমাৰ
ফুলিছিলো এপাহি গোলাপহৈ;
এখুজি দুখুজিকৈ পিচলিছিলো
বাৰে বাৰে তোমাৰ কলিজাত ।
বাঢ়ি অহা হেঁপাহত
পখিলাহৈ উৰিছিলো
চুপতি কৰিছিলো
তোমাৰ তেজত গজি উঠা
সেউজীয়া সুবাসৰ সতে ।
তুমি অহা আবেলিবোৰত দেখিছিলো
এটি মধুৰ সপোন
য’ত আছিল ;
ব'হাগৰ দৰে সেউজীয়া
আৰু বহুতো ৰং ।।