শৰীৰত আছিল তাৰ
এযোৰ ফটা বস্ত্র
চকুত আছিল
আশাৰ জিলিকনি
কাতৰ দৃষ্টিৰে
হয়তো জুৰাব বিচাৰিছে
মুখা পিন্ধা ভদ্ৰলোকৰ
শিলাময় হৃদয়
কোনেও দেখা নাছিল
শুনা নাছিল তাৰ
কৰুন প্ৰাৰ্থনা
কোনে বুজি পাব
বহুদিন ধৰি পেটত তাৰ
পৰা নাই এটুপা খুদকণ
কিন্তু কি আচৰিত
ধৰ্য্য তাৰ অনিমেশ
ৰ'দ বতাহ অতিক্ৰমি
ঘুৰি ফুৰিছে
ক'ত যে দেশ বিদেশ
এমুঠি আহা্ৰ বাবে
যুজিব বিচাৰিছে
পাৰ হ'ব বিচাৰিছে
ক'তযে দুখৰ সাগৰ ।।