কবিতা :: সুখী মানুহৰ ইতিহাস --- প্ৰদীপ দাস

সুখী মানুহবোৰৰ পোচাকবোৰ
বহু দিনলৈ ধোৱা নহয় !
মলিৰে পোতযোৱা সিবোৰৰ ভিতৰত
সুখী মানুহবোৰে সুখবোৰ জাপি থয় ।‌

সুখী মানুহবোৰৰ সস্তীয়া পেন্টৰ পকেটবোৰ
কোনোকালে নাফাটে
পকেটত তেওঁলোকে নভৰাই গধুৰ সামগ্ৰী ।

বজাৰত যেতিয়া বস্তুৰ চৰাদাম হয়
সুখী মানুহবোৰে পেটত গামোচা বান্ধিব জানে !

আপোনজনৰ দুখৰ ক্ষণত
আথবা নিজৰ অশুভ মূহুৰ্তত
সুখী মানুহবোৰে ধৈৰ্যৰ গাঁথি দি লয় অন্তৰত !

আকাৰণত ক্ষোভ-
হীনমন্যতাত অস্থিৰ-
ক্ৰোধত ধৈৰ্যচ্যুত নহয় সুখী মানুহবোৰ...

সুখী মানুহবোৰে পৰ্বত জয় কৰিব নোখোজে
জীৱন পথত ধৰা দিয়া
পৰ্বতসম জটিলতাক
নেওচি যোৱাৰ সাহস কৰে সুখী মানুহবোৰে ...

দুখী মানুহবোৰে
দুখক আঁতৰাবলৈ চেষ্টা কৰে
সুখী মানুহবোৰে
দুখক উপভোগ কৰিব জানে !

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:994
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,084
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:310
শিতান: অনুভৱ
মুঠ পঢ়ুৱৈ সংখ্যা:1,555
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,189
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,805