কবিতা :: সোঁৱৰণিৰ সাঁকোৰে স্মৃতি বগাই --- বিষ্ণু বড়া

স্মৃতি ! স্মৃতি ! স্মৃতি !
এতিয়াও জিলিকে মনৰ দাপোনত
ফৰিংফুতা জোনাক ৰাতি
চোতালত ঢৰা পাৰি বহাৰ দৃশ্য
চিঞৰি চিঞৰি জোনবাইক বেজী খোজিছিলো
ককাদেউতাৰ আঙুলিৰ আঙুলিৰ আগৰ হাতীপতি
ৰ লাগি চাইছিলো
জুইশালৰ কাষত গোঁজ পাতি বহো
আইতাৰ মুখেৰে ৰাজকোঁৱৰ সাধুকথাত আপ্লুত হৈছিলো...
নাই আজি সেইখনি চোতালত
ঢৰা পাৰি বহিবলৈ
ববছা গজিল
নাই আজি ককাদেউতাৰ
ৰসাল হাঁহি
কোনো মতে আছে বিচনাত পৰি
নাই আজি তাহানিৰ উমাল
জুই শালি
কলা হ'ব ঘৰৰ চালি......!!

হেৰাইছে!
সম্পৰ্ক
বন্ধু
সময়ৰ সোঁতত
নিজক হেৰুৱাইছো
সোঁৱৰণিক বোকোচাত বান্ধিছো

এই জীৱন নহয় সেউজীয়া
নাই কোনো প্ৰেমৰ সুৱাস
নিজৰ স্বাৰ্থত মোহাৰি পেলালো সোঁৱৰণি

আজি জুমি চাওঁ
উৱলি পৰা বেৰৰ ফাঁকে
জিলিকি উঠে
অতীতৰ
সেই সুখৰ জিলমিল জোনাক
সোঁৱৰণিৰ সাঁকোৰে স্মৃতি বগাই
সোমাই পৰিছে
মোৰ বুকুত
নীৰৱে ..........

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:111
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,492
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,704
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,927
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,591
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:2,202