কবিতা :: স্বপ্নহীন ন'হবি ভাই --- নয়নজ্যোতি দাস

স্বপ্নহীন ন'হবি ভাই,
ভাল নালাগে তেনেকুৱা মানুহ ।

জহ, জাৰ, যন্ত্ৰণা
তোৰ বাবে অচিনাকী হ'ব লাগিব ।
ভোগৰ কথা তই বাদ দে ।

তোৰ মনটো শিলৰ ভাস্কৰ্যৰ দৰে হ’ব লাগিব ,
আৰু হাত দুখন হ’ব লাগিব কঠুৱা--
কমাৰতকৈয়ো ।

বন্দুক চলাব নাজানিলেও কোনো কথা নাই ,
তই যুদ্ধ কৰিব জানিব লাগিব--
জীৱনৰ ।

মসৃন চোতালত খোজ দিয়াৰ কথা তই ভাবিবই নোৱাৰ,
তই অনায়াসে অতিক্ৰম কৰিব পাৰিব লাগিব
নীল, টাইগ্ৰিছ অথবা ছাহাৰা ।

দুখ কি দোষ --
তই কাৰো সৈতে মোকাবিলা কৰিব নোৱাৰিবি ,
নহ'লে জীৱনে হত্যা কৰাৰ আগতেই
তই কৰিব লাগিব আত্মহত্যা ।

বাটৰ কাষত পৰি ৰ'ব তোৰ নামৰ শ' টো,
তোৰ ব্যৰ্থতাৰ গোন্ধত কাষ চাপি নাযাব কোনো,
মৃত্যুও হ'ব তোৰ বাবে ব্যৰ্থ ।

স্বপ্নহীন ন'হবি ভাই ।।

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: গল্প
মুঠ পঢ়ুৱৈ সংখ্যা:3,027
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,612
শিতান: প্ৰবন্ধ
মুঠ পঢ়ুৱৈ সংখ্যা:4,778
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,542
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,828