কবিতা :: স্মৃতিৰ কেইটিমান কবিতা --- সমুজ্জ্বল ডেকা

(এক)

ল'ৰালি কালত নদীৰ পাৰত
খৰালিৰ শুকান বালিচাপৰিত বহি
সমনীয়াৰ স'তে বালিঘৰ সাঁজো
কৰোঁ ৰং-ধেমালি আৰু কত যে কি!
.
তিনিটা খুটি পুতি নাৰিকল খোলাক কেৰাহী সাজো
বালি ভৰাই নতুবা অন্য কিবা আমি কি মজাৰে ৰান্ধো
নিজে ৰান্ধি তৃপ্তিৰে এসাজ খোৱাৰ আনন্দ
সেই তাহানিৰ অভিজ্ঞতাৰ পৰাই বুটলি ল'লো ৷
.
(দুই)
.
নাৰিকল পাতৰ চশমা বনাই নিদিলে পিতাই-ককাই
অভিমান নে খং নকৰি নোৱাৰো
দিয়াৰ পিছত বুঢ়া-বুঢ়ীৰ অভিনয় শিকো
আৰু পিতাই কিম্বা ককাই কেঁচা নাৰিকল পাতেৰে ঘড়ী বনাই দিয়ে হাতত পিন্ধাই
আনন্দৰ সীমা নাই
ডাঙৰ মানুহ যেনিবা সিদিনাই হৈছিলো
সেয়া যে অতীতৰ সপোনহে আছিলে
মনত পৰিলে জীৱনে হাঁহিবলৈ থল পায় ৷
আৰুতো আছেই কঠাল পাতেৰে চকৰী বনাই
ইমূৰপৰা সিমূৰলৈ বেগাই যোৱা
যেন দিছিলোঁ দৌৰ প্ৰতিযোগিতা ৷
আৰু বহু মনত পৰে
কদম গছৰ বাকলি কাটি
বিন্ধা কৰি সূতা লগাই দুহাতৰ আঙুলিৰে জোৰেৰে টানি-টানি ঘূৰোৱা...!
.
(তিনি)
.
মৰণাৰ পিছত ৰ'দত দিয়া ধানখেৰত
নানান ভংগীমাৰে বাগৰা-বাগৰী খেলা
আৰু সেই খেৰেৰে কোনে কিমান ভালকৈ আৰু দীঘলকৈ সাপ বনাব পাৰে
তাৰ ভীষণ প্ৰতিযোগিতাৰ মজা আজি ক'ত পাম কোৱা....!
গা ধুওতে পানী লাগি চেকচেকালে যেতিয়া কান্দো
মনত পৰে ঘনাই মাৰ হাতৰ থাপৰ খোৱা আৰু গালি খোৱা....!!
.
(চাৰি)
.
মন্দিৰ-নামঘৰত প্ৰসাদ ল'বলৈ দিয়া
কাগজখনি মেৰিয়াই শংকু আকৃতি কৰি প্ৰসাদ লোৱা
আৰু উৎপতীয়া স্বভাৱী হৈ কল-কুঁহিয়াৰৰ বাকলি আদিবোৰ আনলৈ দলিওৱা
এইবোৰ বেয়া তথাপিও কৰিছিলোঁ কিবা যে মনৰ ভাললগা ৷
.
ল'ৰালি কাহানিও উভতি নাহে
আহে মাথো স্মৃতিবোৰ
এইবোৰেই সাহস ও অনুপ্ৰেৰণা দিয়ে
সুখ-দুখৰ ভাৰসাম্যতা বজাই ৰাখি
এই জীৱনটোক উপভোগ কৰিবলে...৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,731
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,884
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,683
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,734
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:194
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,652