কল্পনা --- অংকুৰ জ্যোতি বুঢ়াগোঁহাই

যদি মন যায়

মোক বিচাৰিবা তুমি

তোমাৰ মাজত

মই বন্দি হৈ আছো

তৃষ্ণাভৰা জীৱনৰ

হাজাৰ স্বপ্নৰ মায়াৱী জালত

তোমাক কথা দিলো

মই ৰৈ থাকিম তোমাৰ বাবে

কেৱল ইয়াতে নহয়

খন্তেকীয়া জীৱনৰ অন্তত

কোনোবা অনামী অনন্ত পথত

চিৰদিন সাঁচিৰখা এমুঠি মৰম

বুকুতে মলঙে দেখুন সাঁচতীয়া হৈ

অসীম যাত্ৰাৰ পথত

আকৌ যদি লগ পাঁও তোমাক

অদৃশ্য মৰম মোৰ

যাচি দিম তোমাৰ

নেদেখা আত্মাত

তুমি বাৰু কথা দিব পাৰিবানে

যেতিয়া লগপোৱা মোক

পৰিচিত বুলি স্বীকাৰ কৰাৰ ?

আমাৰ এই প্ৰেম যে

কোনোবা অনাদি অনন্ত কালৰ…

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:936
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:231
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:217
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:208
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,459
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,960