কিবা এটা পোৱাৰ হেপাঁহেৰে --- ডিম্বেশ্বৰ কোচ

খিড়িকী খন খুলি দিলো

হীঁম চেঁচা বতাহ হৈ বুকুত চুই গলা

ৰ'দ হৈ খিড়িকী ফাঁকেৰে সোমাই আহিলা,

কোঠালি পোহৰ হ'ল ৷

যোৰিয়া শালিকি হৈ গীত জুৰিলা আবেগ

আৰু মৰম সানি ৷

বাহিৰলৈ ওলাই অহিলো...

চৌদিশ কোলাহল,

জীয়াই থকাৰ প্ৰতিযোগিতা ৷

ৰদত তেজৰ গোন্ধ,

বতাহত বিশ্বাস হীনতাৰ শব্দ ৷

পুনৰ কোঠালিলৈ উভতি আহিলো,

খিড়িকীৰে আকৌ জুমি চালো নীলা আকাশ

কিবা এটা পোৱাৰ হেপাঁহেৰে ৷৷৷

বৰ্তমান জনপ্ৰিয় লিখনি

শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,072
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,328
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,082
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:2,038
শিতান: কবিতা
মুঠ পঢ়ুৱৈ সংখ্যা:1,930